গৌৰিসাগৰঃ ঐতিহাসিক শিৱসাগৰ জিলাৰ পশ্চিম প্রান্তত অৱস্থিত ৰূপহীমুখ নামৰ গাঁৱখনৰ আছে এক সুকীয়া বৈশিষ্ট্য। মৃৎ শিল্পৰে জীৱন নিৰ্বাহ কৰা চহা জীৱনৰ এক মহানুভৱতাই হৈছে আত্মনিৰ্ভশীলতাৰ এক উল্লেখ যোগ্য নিৰ্দশন।
ৰূপহীমুখৰ মহিলাৰ শিল্প কলাৰে পৰিপুষ্ট ৰূপহী অসমৰ এক উল্লেখযোগ্য শিল্পই কুমাৰ সকলে নিৰ্মাণ কৰা মাটিৰ শিল্প, বিশাল ব্রহ্মপুত্রৰ পাৰতে গঢ়ি উঠা মৃৎ শিল্প সভ্যতাই বিশাল মনৰ পৰিচয় দিয়ে কুমাৰ সকলৰ। মন্দিৰত জ্বলোৱা চাকি নিৰ্মাণ কৰা, ধুপ দানি, বিহুৰ সময়ত আমি খোৱা গাখীৰৰ কলহ বনোৱা, মলা চৰু, বিয়া জোৰোণত দিয়া দৈ টেকেলি, ঘট টেকেলি, দোৱলি বনোৱা আদি কামত উল্লেখ যোগ্য ভূমিকা গ্রহণ কৰি আহিছে কুমাৰ সকলে।