গৰৈমাৰীঃ কামৰূপ গ্ৰাম্য আৰু বৰপেটাৰ চৰাঞ্চলৰ কেতবোৰ গাঁৱত সঘনাই সংঘটিত হ’ব ধৰিছে একাধিক বাল্যবিবাহৰ ঘটনা৷ খোলাবান্ধাত পুনৰ বাল্যবিবাহ বন্ধ কৰিলে স্থানীয় ছাত্ৰ সংগঠনে৷
কাছুমাৰা থানাৰ অন্তৰ্গত ম’হচৰা গাঁৱৰ মফিজ আলীৰ পুত্ৰ তথা নৱম শ্ৰেণীৰ ছাত্ৰ মহিদুল ইছলামে কামৰূপৰ ২নং উত্তৰ ৰাংগাপানী গাঁৱৰ হবিবৰ ৰহমানৰ কন্যা তথা সপ্তম শ্ৰেণীৰ ১৪ বছৰীয়া এগৰাকী নাবালিকাক মঙলবাৰে বিয়া কৰোৱাৰ উদ্দেশ্যে পলুৱাই নিয়াৰ পথত বৰপেটাৰ খোলাবান্ধা আঞ্চলিক আমছুৰ হাতত ধৰা পৰে৷