63
মুক্তাপুৰঃ কামৰূপ জিলাৰ বিহদিয়া জাজিকোণা সংহত শিশু উন্নয়ণ প্ৰকল্পৰ সহাস্ৰাধিক কৰ্মী-সহায়িকাই বিহদিয়া জাজিকোণা সংহত শিশু উন্নয়ণ প্ৰকল্প বিষয়াৰ কাৰ্যালয়ত আজি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে কাৰ্যালয়ত তলা উলমাই প্ৰতিবাদ সাব্যস্ত কৰে।
তদানীন্তন কংগ্ৰেছ চৰকাৰৰ দিনতে কৰ্মী-সহায়িকাসকলক মাহিলী ভাট্টা বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও কংগ্ৰেছ চৰকাৰখনে এই দাবী পূৰণ নকৰাৰ লগতে নতুন চৰকাৰেও গুৰুত্ব নিদিলে সহায়িকা-কৰ্মীৰ দাবীক।