ৰঙিয়াঃ ৰঙিয়া চহৰৰ তুলসীবাৰীত থকা এপ’ল মিলত সংঘটিত হোৱা দুৰ্নীতিৰ তদন্ত বিচাৰিছে অসম যুৱ পৰিষদে। অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক অৰ্ণৱ ভৰালীয়ে সংবাদ মাধ্যমক জানিবলৈ দি কয় যে অসমৰ একমাত্ৰ বস্ত্ৰ উদ্যোগ এপ’ল মিলটোত সংঘটিত হৈছে বৃহৎ দুৰ্নীতি।
একাংশ বিষয়াই এপ’ল মিলটো সোণৰ কণী পৰা হাঁহলৈ ৰূপান্তৰিত কৰাৰ ফলত মিলটো সম্পূৰ্ণ ৰূপে বন্ধ পৰিছে। কিন্তু ৰাজ্য চৰকাৰে শেহতিয়াভাবে তুলসীবাৰীস্থিত এপ’ল মিলটো পুনৰ উজ্জীৱিত কৰাৰ বাবে যি অনুদান আগবঢ়োৱা হ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ইয়াৰ সমান্তৰাল ভাবে দুৰ্নীতিৰ সন্ধৰ্ভত চিআইডিৰ তদন্তও হ’ব লাগে বুলি সাজোৰে দাবী কৰে ভৰালীয়ে।