88
ডিজিটেল ডেস্কঃ একেটা মাহতে চতুৰ্থবাৰৰ বাবে যুদ্ধবিৰতি ভংগ কৰা পাকিস্তানৰ প্ৰতি ক্ষুণ্ণ হৈ পৰিছে ভাৰত। আজি পুৱাৰ ভাগত ৰাজৌৰি জিলাৰ সীমান্তৱৰ্তী এলেকাত পাক সেনাৰ আক্ৰমণৰ ফলত যুদ্ধসদৃশ পৰিস্থিতিৰ উদ্ভৱ হয়।
মৰ্টাৰ শ্বেলেৰে কৰা আক্ৰমণৰ ফলত ১ হাজাৰৰো অধিক ভাৰতীয় লোকক সীমান্তৱৰ্তী স্থানৰপৰা নিৰাপদ স্থানলৈ স্থানান্তৰ কৰাবলগীয়া হয়। স্থানান্তৰণৰ পিছতেই ভাৰতীয় সেনাই পাক আক্ৰমণৰ প্ৰত্যুত্তৰ দিয়ে।