ডিজিটেল ডেস্কঃ সাৰ্বভৌমত্বৰ বিষয়টোক লৈ চুবুৰীয়া চীনৰ সৈতে থকা মনোমালিন্যৰ পৰিপ্ৰেক্ষিতত আজিৰেপৰা আৰম্ভ হোৱা চীনৰ দুদিনীয়া আন্তৰাষ্ট্ৰীয় সন্মিলনত ভাগ নললে ভাৰতে। এছিয়া, আফ্ৰিকা তথা ইউৰোপৰ অন্য দেশসমুূহৰ সৈতে বাণিজ্যিক সম্পৰ্ক সৃদৃঢ় কৰাৰ উদ্দেশ্যে চুবুৰীয়া দেশখনে আয়োজন কৰা ওৱান বেল্ট ওৱান ৰোড চমুকৈ ওবিওআৰ প্ৰকল্পৰ অংশ হ’বলৈ পছন্দ নকৰাৰ বিভিন্ন কাৰণৰ ভিতৰত আছে পাকিস্তানৰ সৈতে চীনৰ সহযোগীতা।
প্ৰকল্পটোৰ এক গুৰুত্বপুৰ্ণ অংশ হিচাপে বিবেচিত চিপেক (চীনা পাকিস্তান ইকনমিক কৰিডৰ)ৰ সম্পুৰ্ণ বিৰোধীতা কৰিছিল ভাৰতে। কিয়নো পাক অধ্যূষিত কাশ্মীৰত চীনৰ হস্তক্ষেপ কোনো কাৰণতে পছন্দ নকৰে ভাৰতে। কিন্তু এই প্ৰকল্পটোকে চীনে ফ্লেগশ্বীপ প্ৰকল্প হিচাপে প্ৰচাৰ কৰি আহিছে।