155
ডিজিটেল ডেস্কঃ ৰিলায়েন্স জিঅই ভাৰতত টেলিকম বজাৰখনত আন টেলিকম কোম্পানীবোৰক প্ৰতিযোগীতাৰপৰা বাহিৰ কৰাৰ দৰে পৰিস্থিতিৰ উদ্ভৱ কৰিছে। দেশজুৰি আকোৱালি লোৱা জিঅৰ ফলতে চলিত বৰ্ষৰ জানুৱাৰী-মাৰ্চৰ ভিতৰতে আইডিয়াই এক বৃহৎ লোকচানৰ সমুখীন হ’বলগা হৈছে।
নিৰ্ধাৰণ কৰা পৰিমাণতকৈও আগবাঢ়ি ৩২৮ কোটিৰ লোকচান হৈছে আইডিয়াৰ। ইয়াৰে আগৰ বাৰৰ কোৱাৰ্টাৰতো আইডিয়া চেলুলাৰে ৩৮৪ কোটি টকাৰ লোকচানৰ সমুখীন হৈছিল। এনেদৰে দ্বিতীয়বাৰৰ বাবে লোকচানৰ সমুখীন হৈছে আইডিয়া।