105
ডিজিটেল ডেস্কঃ ফুটবলৰ জনপ্ৰিয় তাৰকা ক্ৰিষ্টিয়ান’ ৰনাল্ডো আহিব পাৰে ভাৰতলৈ। ভাৰতত অনুষ্ঠিত হ’বলগা তৰুণ প্ৰজন্মৰ ফুটবল খেল চাবলৈ হঠাতে ওলাব পাৰেহি ৰিয়েল মাদ্ৰিদৰ ছুপাৰষ্টাৰগৰাকী।
ইনষ্টাগ্ৰামত অলপতে লাইভত অহা ৰনাল্ডোই ভাৰতত অনুষ্ঠিত হ’বলগা ফিফাৰ অনুৰ্ধ ১৭ বিশ্বকাপ খেল চাবলৈ আগ্ৰহ থকা বুলি কয়। এই সন্দৰ্ভত অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনে পৰ্টুগাল ফুটবল ফেডাৰেশ্যনৰ সৈতে আলোচনা অব্যাহত ৰাখিছে।