গুৱাহাটীঃ অসমক বিদেশী মুক্ত কৰাৰ বাবে তথা অসমত অসমীয়া জাতিৰ অস্তিত্ব বৰ্তাই ৰখাৰ স্বাৰ্থত অসমীয়া তেজাল ডেকাই এদিন আন্দোলনত জপিয়াই পৰিছিল৷ নিজৰ যৌৱন-জীৱন সমস্ত জাতিৰ স্বাৰ্থত সমাৰ্পন কৰিবলৈ ওলাই আহিছিল৷ ৮৫৫ জন শ্বহীদ হৈছিল৷ বহু লোক পংগু হৈছিল৷ বহু নাৰীয়ে অকালতে কপালৰ ফোট মচি পেলাব লগা হৈছিল৷ বহু মাতৃৰ বুকুৰ পৰা পুত্ৰ হেৰাই গৈছিল৷
বহু জাতিধ্বংসীয়ে জাতিটোক ধ্বংস কৰিব বিচাৰি অহাটো ডাঙৰ কথা নহয়৷ তাৰ মাজতে একাংশ ভুৱা জাতীপ্ৰেমী জাতিৰ উদ্ধাৰৰ ভাও ধৰি অসমীয়াৰ ভোট আদায় কৰি চৰকাৰ গঠন কৰা বিজেপিৰ সৈতে লগলাগি অসমত বিদেশী হিন্দু শৰণাৰ্থী সংস্থাপনৰ বাবে গোপনে কাম কৰি গৈছে বুলি অভিযোগ উত্থাপিত হৈ আহিছে৷ অসমৰ অন্যতম জাতীয় সংগঠন অসম সত্ৰ মহাসভাৰ একাংশ নেতৃত্বই সৰ্বপ্ৰথম মুকলিকৈ অসমত বাংলাদেশী সংস্থাপনৰ হৈ ওকালতি কৰি বিতৰ্কত সোমাই পৰিছে৷