ঢেকীয়াজুলিঃ মহাপুৰুষ শংকৰদেৱ বিৰচিত শ্ৰীমদ্ভাগতৰ দ্বাদশ অধ্যায়ত বৰ্ণিত কৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণৰ সমগ্ৰ ৰস মিশ্ৰিত কাহিনীক আধুনিক নাট্যৰূপত সজাই শোণিতপুৰ জিলাৰ বিহগুৰিৰ নাট্যকাৰ গণেশ দাসে ‘মহাপ্ৰস্থান’ নামৰ নাটকৰ জৰিয়তে নাট্যপ্ৰমী ৰাইজৰ মাজত সমাদৰ বুটলিবলৈ সক্ষম হৈছে৷
এই নাটখনি ইতিমধ্যে বিভিন্ন মঞ্চত মঞ্চস্থ কৰি শ্ৰেষ্ঠ নাটকৰ বঁটা লাভ কৰাৰ লগতে সাম্প্ৰতিক সময়ৰ আধুনিক নাটকৰ ধাৰাটোক একপ্ৰকাৰ প্ৰত্যাহ্বান জনাই পৌৰানিক, তাত্বিক তথা আধ্যাত্মিক জ্ঞান সমৃদ্ধ কাহিনীৰ প্ৰাসংগিকতাক প্ৰতিপন্ন কৰাত সাৰ্থক হৈছে উদিয়মান নাট্যকাৰ, পৰিচালক গনেশ দাস৷