94
গুৱাহাটীঃ আজি কোকৰাঝাৰত অনুষ্ঠিত হয় সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ গণ অভিৱৰ্তন। জনগোষ্ঠীকেইটাই কেইবাটাও দাবীৰ সমৰ্থনত এই গণ অভিৱৰ্তন অনুষ্ঠিত কৰিছে।
বঞ্চনা আৰু শোষণৰ বিৰুদ্ধে কেইবা সহস্ৰাধিক লোক সমবেত হোৱা অভিৱৰ্তনত কেইবাটাও জনগোষ্ঠীয় সংগঠনৰ নেতাই অংশগ্ৰহণ কৰি চৰকাৰৰ বিৰেদ্ধে ক্ষোভ উজাৰি জনগোষ্ঠীসমূহৰ অধিকাৰক গুৰুত্ব প্ৰদানৰ দাবী জনায়।