মাৰ্ঘেৰিটাঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমা আৰক্ষী প্ৰশাসনৰ অন্তৰ্গত আৰু লেখাপানী আৰক্ষী থানাৰ অধীনস্থ টিপং লালপাহাৰ অঞ্চলৰ পৰা আজি সন্ধিয়া প্ৰায় ৫ বজাত লেখাপানী আৰক্ষীৰ সীমান্ত শাখাই গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত ফাৰুক আহমেদ নামৰ এজন প্ৰায় ৫৫ বছৰীয়া ব্যক্তিক সংন্দেহযুক্ত বিদেশী নাগৰিকৰ অভিযোগত গ্ৰেপ্তাৰ কৰে৷
আৰক্ষীৰ সূত্ৰই জনোৱা মতে, সোধপোচৰ অন্তত আটকাধীন ব্যক্তিজনৰ পৰা ভাৰতীয় নাগৰিক বুলি কোনো ধৰণৰ নিৰ্ভৰযোগ্য তথ্য নাইবা নথি আৰক্ষীয়ে লাভ কৰা নাই৷