82
মাৰ্ঘেৰিটাঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ লেখাপানীত বিজেপিৰ অভিভাৱক সদৃশ সংগঠন আৰএছএছৰ বিৰুদ্ধে আপত্তিজনক পোষ্টাৰিং কৰাত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ চমুকৈ আৰএছএছৰ বিৰুদ্ধে লেখাপানী থানাৰ অন্তৰ্গত টিপং কলিয়ৰীৰ টিৰাপ গেট তিনিআলিত আজি পুৱা স্থানীয় ৰাইজে অজ্ঞাত চক্ৰই কেইখন মান পোষ্টাৰিং আৰি থোৱা দৃষ্টি গোচৰ হোৱাত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয়৷ অজ্ঞাত চক্ৰই নিশা উক্ত পোষ্টাৰিং কৰিছে বুলি সন্দেহ কৰে স্থানীয় লোকসকলে৷