চামগুৰিঃ শাৰীৰিক অক্ষমতাকো নেওচি জীবন যাত্ৰাত আগবাঢ়ি গৈছে নগাওঁ জিলাৰ বঢ়মপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত পুৰণিগুদাম জলাহগাৱঁৰ এগৰাকী যুৱতী। ১৯৯১ চনৰ ৩১ আগষ্টত এখন ভৰি অবিহনে জন্ম গ্ৰহণ কৰিছিল জুতিকা শইকীয়া নামৰ এই গৰাকী যুৱতীয়ে।
দৰিদ্ৰ পৰিয়ালৰ এই গৰাকী যুৱতীৰ পঢ়াৰ প্ৰতি আছিল খুবেই আগ্ৰহ। আৰ্থিক দৈন্যতাৰ বাবে কিছু ক্ষেত্রত যুৱতী গৰাকী থমকি ৰ’ব লগা হৈছিল যদিও শাৰীৰিক ভাৱে অক্ষম এই গৰাকী যুৱতীয়ে আৰ্থিক দুৰৱস্থাক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰি আগবাঢ়ি গৈছিল নিজৰ শিক্ষা জীৱনত। আৰ্থিক অবস্থা দুৰ্বল হোৱা বাবে নিজৰ উৰ্পাজনেৰে শিক্ষা জীৱনৰ সোণোৱালী ধাৰা অব্যাহত ৰাখি বৰ্তমান স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে এই গৰাকী যুৱতী।