মিছামাৰীঃ শোণিতপুৰ জিলাৰ মিছামাৰীত বিগত এসপ্তাহ ধৰি তেল টেংকাৰ মালিক-চালক সকলৰ অৱস্থান ধৰ্মঘট চলি থকাৰ ফলত চুবুৰীয়া ৰাজ্য অৰুণাচলত তেলৰ ব্যাপক নাটনি হোৱাৰ বাতৰি পোৱা গৈছে। প্ৰাপ্ত বাতৰি মতে, ভাৰতীয় তেল নিগমৰ অধীনস্থ মিছামাৰী ডিপোত প্ৰতি তিনি বছৰ মূৰে মূৰে বিভাগীয় কৰ্তৃপক্ষই নিবিদা জাৰি কৰে। নিবিদা লাভ কৰা টেংকাৰ মালিকৰ জৰিয়তে চুবুৰীয়া ৰাজ্য অৰুণাচলৰ উপৰি সমগ্র উত্তৰ পূৰ্বাঞ্চলত ডিজেল-পেট্ৰোল পাম্প সমুহৰ উপৰি সেনা চাউনী, ভাৰতীয় বায়ু সেনাৰ চাউনী আদিত তেল যোগান ধৰি আহিছে।
১৯৬২ চনত ৰঙা চীনে ভাৰত আক্ৰমণ কৰা সময়ত স্থাপিত মিছামাৰী ডিপোৰ পৰা বিভিন্ন ঠাইলৈ তেল সৰবৰাহ কৰাৰ ক্ষেত্রত ডিপোৰ বিভাগীয় কৰ্তৃপক্ষ আৰু টেংকাৰ মালিক সকলৰ মাজত কোনো ধৰণৰ খেলিমিলি দেখা দিয়া নাছিল।