বাইহাটা চাৰিআলিঃ গণতান্ত্ৰিক ছাত্ৰ-যুৱ মঞ্চ অসম আৰু সদৌ অসম সংখ্যালঘু উন্নয়ণ সন্থাই কামৰূপ জিলাৰ বাইহাটা চাৰিআলিত আজি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। সময়ে সময়ে বহিৰাগতক অসমৰ উদ্যোগসমুহত নিয়োগ কৰি স্থানীয় নিবনুৱাসমুহক বঞ্চিত কৰি আহিছে।
তেজপুৰত নতুনকৈ হবলগীয়া ৮ হাজাৰ বিঘা মাটিত পতঞ্জলী ফুড পাৰ্কত বহিৰাগতকেই নিয়োগ কৰাৰ লগতে কৰ্মসংস্থান বিচাৰি যোৱা থলুৱা নিবনুৱাক খেদি পঠায় বুলি অভিযোগ উত্থাপন কৰে গণতান্ত্ৰিক ছাত্ৰ-যুৱ মঞ্চ, অসম আৰু সদৌ অসম সংখ্যালঘু উন্নয়ণ সন্থাৰ কৰ্মকৰ্তাসকলে। থলুৱাক নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি দি পুনৰ বহিৰাগত লোকক কৰ্মস্থাপন দিয়াৰ ক্ষেত্ৰত পূৰ্বেও এনেকুৱা ঘটনা সংঘটিত হৈছে।