শুক্লাইঃ অসম চৰকাৰে মেলেৰিয়া অধ্যূষিত অঞ্চলসমূহত ২০১৬-১৭ বৰ্ষত ঔষধযুক্ত আঠুৱা হিতাধিকাৰীৰ মাজত বিনামূলীয়াকৈ ইতিমধ্যে বিতৰণ কৰা হয়৷ এই বিতৰণ কাৰ্যত স্থানীয় আশা কৰ্মীসকলক নিয়োজিত কৰা হয়৷ অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ পৰা আঠুৱা বিতৰণৰ বাবদ আশা কৰ্মীসকলক প্ৰতিখনৰ আঠুৱাৰ বিপৰীতে দহ টকাকৈ মাননী দিয়া হয়৷
কিন্তু খৈৰাবাৰী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ আশা কৰ্মীসকলৰ ক্ষেত্ৰত নিয়ম ব্যতিক্ৰম দেখা গ’ল৷ আশা কৰ্মী সকলৰ নিজৰ নিজৰ বেংক একাউন্ট যোগে প্ৰতিখন আঠুৱা বিতৰণৰ বাবদ লাভ কৰা উক্ত মাননীৰ পৰা অৰ্থাৎ ১০ টকাৰ পৰা ৩ টকাকৈ মেলেৰীয়া পৰিদৰ্শক জনৈক ৰাভাক ঘুৰাই দিবলগীয়া হৈছে৷ এনেদৰে মুকলি কমিছনৰাজ চলোৱা কাৰ্যই সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰীয়াৰ সৃষ্টি কৰিছে৷