তুলসীবাৰীঃ বৈদ্যগড় আঞ্চলিক ছাত্ৰ সন্থাৰ সাংগঠনিক স্থিতি শক্তিশালী কৰাৰ উদ্দেশ্যে দেওবাৰে এখন সভা অনুষ্ঠিত হৈ যায়৷ সভাত অঞ্চলটোৰ শতাধিত যুৱক উপস্থিত থাকি অঞ্চলটোৰ সমস্যাসমূহ চৰকাৰৰ ওচৰত দাঙি ধৰাৰ উদ্দেশ্যে কাম কৰি গুৰুত্ব আৰোপ কৰে৷
সভাখনত বৈদ্যগড় আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত গড়ভিতৰ শাখা সমিতি গঠন কৰা হয়৷ গড়ভিতৰ প্ৰাথমিক বিদ্যালয় প্ৰাংগণত দিনৰ ১২ বজাৰ পৰা বৈদ্যগড় আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বিশ্ব কলিতাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ আঁত ধৰে সম্পাদক ভূপেন কলিতাই৷