ডিজিটেল ডেস্কঃ ৱৰ্ল্ড বুক অফ ৰেকৰ্ডত স্থান লাভ কৰিছে দেশৰ এখন তীৰ্থ স্থানে৷ অধিক পৰ্যটক তথা ভক্তৰ সমাগম হোৱা ঠাই হিচাপে এই সন্মাল লাভ কৰিছে পঞ্জাৱৰ বিশ্ব ঐতিহ্য স্বৰ্ণ মন্দিৰে৷ লণ্ডনৰ ৱৰ্ল্ড বুক অফ ৰেকৰ্ডে এই তথ্য পোহৰলৈ অনাৰ পিছতে বিশ্ব ৰেকৰ্ড গঢ়ে ধৰ্মীয় অনুষ্ঠানটোৱে৷ অমৃতচৰৰ স্বৰ্ণ মন্দিৰ দৰ্শনৰ বাবে প্ৰতি বছৰে দেশৰ লগতে বিদেশৰ হাজাৰ বিজাৰ লোকে ভিৰ কৰে৷
শুকুৰবাৰে তেজা সিং চামুন্দাৰী হ’লত আয়োজিত এক অনুষ্ঠানত ভাৰতৰ ৱৰ্ল্ড বুক অফ ৰেকৰ্ডৰ সাধাৰণ সম্পাদক সুৰভি কল আৰু পঞ্জাৱ শাখাৰ সভাপতি ৰণদীপ সিং কোহলিয়ে এই পুৰস্কাৰ প্ৰদান কৰে এচজিপিচিৰ সম্পাদক ৰূপ সিং আৰু অন্যান্য উচ্চপদস্থ বিষয়াসকলক৷