97
গোসাঁইগাঁওঃ গোৱালপাৰা জিলাৰ ছুপ্ৰিম চাহ বাগিচাৰ অধীক্ষক নবীন চন্দ্ৰ যোশী অপহৃত হোৱাৰ ৭ দিনৰ মুৰত আজি কাহিলী পূৱা এক ৰহস্য জনক অৱস্থাত অপহৰণকাৰীৰ কবলৰ পৰা মুক্ত হয়।
বৃহস্পতিবাৰে ৰাতিপুৱা অপহৃত যোশীক কোকৰাঝাৰ জিলাৰ কাৰিগাঁও-পাটগাঁৱৰ মাজত ৩১ নম্বৰ ‘গ’ ৰাষ্ট্ৰীয় ঘাইপথত অপহৰণ কাৰীয়ে মুকলি কৰি দিয়ে। অপহৰণৰ ৭ দিন পাছত মুক্ত হৈ চাহ বাগিচাৰ অধীক্ষক গৰাকীয়ে পোনে পোনে গুৱাহাটীস্থিত বাসগৃহলৈ যোৱা বুলি আৰক্ষী সুত্ৰই প্ৰকাশ কৰিছে।