94
লংকাঃ কোনোকালে ভৰি নিদিয়া কলেজলৈ আহি ভুৱা মাৰ্কশ্বীট, ৰোল নং দেখুৱাই প্ৰমাণপত্ৰ নিবলৈ অহা অহা ঝাৰখণ্ডৰ যুৱক এজনক বৃহস্পতিবাৰে ধৰা পেলায় কলেজ কৰ্তৃপক্ষই। এই ঘটনা ঘটিছে হোজাই জিলাৰ লংকাৰ কৃষ্ণ বৰা বি এড কলেজত।
ঘটনা সন্দৰ্ভত জানিব পৰা মতে, ত্ৰিপুৰাৰী প্ৰসাদ নামৰ ঝাৰাখণ্ডৰ এজন যুৱকে আজি লংকা কৃষ্ণ বৰা বি এড কলেজলৈ আহিছিল নিজৰ বিএড পৰীক্ষাৰ ৰোল নং ৭৩৩৬, এনৰোলমেণ্ট ৪৭৮৭৩৮/২০১৩ নম্বৰৰ মাৰ্কশ্বীটখন লৈ।