মুছলপুৰঃ বৰমাৰ ৰাষ্ট্ৰীয় ঘাইপথত জলিল এখনৰ পিছত আনখন ট্ৰাক। ক্ষোভিত জনতাই জলালে ট্ৰাক। আজি পাটাছাৰকুছি কুৱাৰাৰ ফুলেন কলিতা নামক লোকজনে বৰমা চেন্ট জনচ হায়াৰ চেকেণ্ডাৰী স্কুলত সপ্তম শ্ৰেণীত পঢ়ি থকা পুত্ৰ পিংকু কলিতাক বিদ্যালয়ত থ’ব আহি বিদ্যালয়ৰ দুৱাৰমুখতে ৰাষ্ট্ৰীয় পথৰ দাঁতিত নমাব ধৰোতে পাঁচফালৰ পৰা তীব্ৰ গতিত অহা ভূটীয়া ট্ৰাক এখনে পিংকুক খুন্দা মৰাত পিংকুৰ থিতাতে মৃত্যু হয়।
ঘটনা সংঘটিত কৰি ট্ৰাকৰ চালক কৰ্মচাৰীসকল পলায়ন কৰে। এই ঘটনাত ক্ষুব্ধ হৈ পৰে জনতা। নিমিষতে উত্তপ্ত হৈ পৰে বৰমা।