79
নগৰবেৰাঃ এগৰাকী আদবয়সীয়া মহিলাই স্বামী-পুত্ৰ, বোৱাৰী, নাতি-নাতিনীক এৰি পৰপুৰুষৰ সতে পলাই যোৱা ঘটনাই সৃৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। কামৰূপ গ্ৰাম্য জিলাৰ নগৰবেৰাত সংঘটিত হৈছে এই ঘটনা।
প্ৰাপ্ত তথ্য অনুসৰি, ৪৮ নং বকো সমষ্টিৰ অন্তৰ্গত তথা নগৰবেৰা আৰক্ষী থানাৰ এলেকাধীন ১ নং পলাহৰটাৰী গাঁওৰ বাসিন্দা আনোৱাৰ হুছেইনৰ পত্নী মনেজা খাতুনে যোৱা নিশা গাওঁখনৰে ছিৰাজ আলী নামৰ আন এজন বিবাহিত পুৰুষৰ সৈতে পলায়ন কৰে।