নলবাৰীঃ নলবাৰীৰ ধৰ্মপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক নীলমণি সেন ডেকাৰ পুত্ৰ ৰাজৰ্ষিসেন ডেকাক চাকৰিৰ পৰা নিলম্বন কৰে সোমবাৰে ৰাজ্যৰ কৰ্মচাৰী বিভাগে। শাসনত থাকোতে আঢ়ৈ টকাত এসাজ ভাত খাব পাৰি, নামনি অসমৰ মানুহ টকাৰ বান্দিলত বিক্ৰী হয় আদি বিভিন্ন আবোল তাবোল মন্তব্য প্ৰকাশ কৰি নলবৰীয়া সমাজৰ সন্মান লাঘৱ কৰাৰ অভিযোগ আছিল প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাৰ বিৰুদ্ধে।
শেহতীয়াকৈ নীলমণিৰ পুত্ৰ ৰাজৰ্ষি সেন ডেকাই এচিএছ পৰীক্ষাত কেলেংকাৰীৰে পাছ কৰি ৰাজহঁ চক্ৰ বিষয়া হৈ আছিল। এতিয়া ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ তদন্ত এই কেলেংকাৰীত অভিযুক্ত হয় ৰাজৰ্ষিসেন। এনে ক্ষেত্ৰত বহুবল্কী প্ৰাক্তন মন্ত্ৰী গৰাকীৰ পুত্ৰ জনে পুনৰ সমগ্ৰ নলবাৰীৰ লগতে ধৰ্মপুৰ সমষ্টিৰ সন্মান লাঘৱ কৰে বুলি চৰ্চা হয়।