গোৰেশ্বৰঃ ১৪ মাৰ্চৰ মাজনিশা বাগসা জিলাৰ গোৰেশ্বৰৰ বেতনা উচ্চ মাধ্যমিক বিদ্যালয় জ্বলি যোৱা হৃদয় বিদাৰক ঘটনাই ৪৮ ঘণ্টা অতিক্ৰম কৰিলে যদিও বিষয়টোৰ ৰহস্য উদঘাটন কৰিবলৈ আৰক্ষী তথা প্ৰশাসন সক্ষম হোৱা নাই।
বুধবাৰে বিদ্যালয় কৰ্তৃপক্ষই গোৰেশ্বৰ থানাত এই বিষয়ে এজাহাৰ দাখিল কৰে। যিহেতু এই বিদ্যালয়খনৰ বিদ্যু९ সংযোগ যোৱা প্ৰায় ডেৰমাহ ধৰি বিচ্ছিন্ন হৈ আছিল তেনেস্থলত এই ঘটনাক স্বাভাৱিক ঘটনা বুলি ভাবিব পৰা নাই ছাত্ৰ-ছাত্ৰী, অভিভাৱক কিম্বা স্থানীয় ৰাইজে।