নগাঁওঃ অসমৰ সামাজিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক ক্ষেত্ৰখনৰ অভিন্ন অংগ মহাবাহু ব্ৰহ্মপুত্ৰৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰা আৰু ইয়াৰ অন্তহীন সম্ভাৱনাক বিশ্বদৰবাৰলৈ লৈ যোৱাৰ উদ্দ্যেশেৰে অসম চৰকাৰৰ অভিজাত অনুষ্ঠান নমামি ব্ৰহ্মপুত্ৰ উৎসৱ অহা ইং ৩১ মাৰ্চৰ পৰা ৪ এপ্ৰলিলৈ পাঁচদিনীয়া বৰ্ণাধ্য কাৰ্যসূচীৰে আন ২০ খন জিলাৰ সামন্তৰালকৈ নগাঁও জিলাতো উদযাপনৰ দিহা কৰা হৈছে ৷
নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হ’ব লগা উক্ত কাৰ্যসূচীৰ লগত সংগতি ৰাখি নগাঁও জিলাভিত্তিত এখনি কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে৷ ‘লৌহিত্য’ শীৰ্ষক নৱম শ্ৰেণীৰপৰা স্নাতক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰী পৰ্য্যন্ত মুকলি থকা প্ৰতিযোগিতাখনৰ বিষয় হ’ল ব্ৰহ্মপুত্ৰ আৰু নগাঁৱৰ ঐতিহ্য৷ নগাঁও কুইজ ফ’ৰাম ‘কুইজিকেল’ৰ সহযোগিতাত ইতিমধ্যেই এই প্ৰতিযোগিতাৰ প্ৰথম প্ৰাৰম্ভিক লিখিত পৰীক্ষা জিলাখনৰ কলিয়াবৰ, চামগুৰি, নগাঁও সদৰ, ৰূপহী, ধিং, কামপুৰ আৰু ৰহাকে ধৰি সৰ্বমুঠ ৭টা ৰাজহ চক্ৰৰ সাতটা কেন্দ্ৰত বুধবাৰে ২৮ মাৰ্চ তাৰিখে অনুষ্ঠিত হৈ যায়৷