গোঁসাইগাঁওঃ দূৰ্নীতিৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে বক্তৃতা প্ৰতিযোগীতাৰ আয়োজন কৰিছে সচেতন নাগৰিক মঞ্চৰ কেন্দ্ৰীয় সমিতিয়ে। কোকৰাঝাৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ত অহা ২১ এপ্ৰিলত আয়োজন কৰা হৈছে এই বক্তৃতা প্ৰতিযোগীতা।
দেশৰ সাম্প্ৰতিক পৰিপ্ৰেক্ষিতত দেশৰ অখণ্ডতা ৰক্ষাৰপৰা আৰম্ভ কৰি ৰাষ্ট্ৰীয় সংহতি সুদৃঢ়কৰণ, সকলোতে শিপাই পৰা দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে সজাগতা তথা তাৰ প্ৰতিৰোধৰ বাবে জনমত সৃষ্টিৰ লক্ষ্যৰে বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয় পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত জিলা ভিত্তিক আয়োজন কৰা হৈছে এই প্ৰতিযোগিতা।