104
কাজিৰঙাঃ তিনিদিনীয়া কাৰ্যসূচীৰে ২৪ এপ্ৰিলৰ পৰা কাজিৰঙাৰ কঁহৰা চাৰিআলিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব ২৭ সংখ্যক কঁহৰা বসন্ত উৎসৱ।
২৪ এপ্ৰিলৰ পুৱা ৫ বজাত মাৰাথান দৌৰ প্ৰতিযোগিতাৰ লগতে ১১ বজাৰ পৰা চিত্ৰাংকন, কুইজ, ৰচনা, তৰ্ক, কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ পাছত সন্ধিয়া ৫ বজাত আধুনিক সৃষ্টিশীল (অসমীয়া থলুৱা নৃত্য) প্ৰতিযোগিতা আৰু ৮ বজাৰ পৰা মৌ-বিহুৱতী আৰু বৰ-বিহুৱতী প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।