Home অন্যান্য খবৰবিহালীত অসমৰ ভূমিত অৰুণাচলীৰ বেদখল

বিহালীত অসমৰ ভূমিত অৰুণাচলীৰ বেদখল

by News Desk
80 views
A+A-
Reset

বৰগাংঃ পূৱ শোণিতপুৰ বন সংমণ্ডৰ অন্তৰ্গত বিহালী সংৰক্ষিত বনাঞ্চলৰ নাহৰজানত অসমৰ ভূমি পুনৰ অৰুণাচলীয়ে অবৈধভাৱে বেদখল কৰাৰ কথা পোহৰলৈ আহিছে। অসম-অৰুণাচল সীমান্তত থকা নাহৰজান নিৰীক্ষণ শিৱিৰৰ সমীপৰ পশ্চিম দিশত অৰুণাচলৰ একাংশ লোকে বিহালী বনাঞ্চলত প্ৰৱেশ কৰি মূল্যবান গছ-গছনি কাটি প্ৰায় ত্ৰিশ বিঘা মাটিত কচু খেতি কৰি বেদখল কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে।

উল্লেখ যে, অৰুণাচলৰ একাংশ দুষ্কৃতিকাৰীয়ে নিশা বন্দুকেৰে বনাঞ্চলত থকা হাতী, বান্দৰ, পশু-পক্ষী নিধন যজ্ঞ চলাই অহাত সীমান্তবাসীয়ে আতংকময় পৰিৱেশত জীৱন অতিবাহিত কৰিবলগীয়া হৈছে। অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু আদিবাসী ছাত্ৰ সন্থাৰ বিহালী আঞ্চলিক সমিতিয়ে অতিশীঘ্ৰে অৰুণাচলীৰ অবৈধ বেদখল বন্ধ কৰা আৰু অসম-অৰুণাচল সীমান্তত মানৱ বেৰ নিৰ্মাণ কৰিবলৈ অসম চৰকাৰৰ ওচৰত দাবী জনায়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0