কাজিৰঙাঃ কাজিৰঙাৰ নদাৰ্ন ৰেঞ্জৰ বনকৰ্মী আৰু হেলেম আৰক্ষীয়ে যুটীয়া অভিযানত বিকাশ দাস নামৰ দুধৰ্ষ চোৰাং চিকাৰী আটক কৰিবলৈ সক্ষম হৈছে৷ হেলেম আৰক্ষী থানাৰ অন্তৰ্গত আমগুৰি দানি গাঁৱৰ বিকাশ দাস ২০১৬ বৰ্ষৰ অক্টোবৰ মাহত বিশ্বনাথৰ বালিপুখুৰীত নিহত হোৱা মাইকী গঁড় হত্যাৰ লগতো জড়িত আছিল।
এই গঁড় হত্যাৰ লগত জড়িত চাৰিজনকৈ চোৰাং চিকাৰীক এটা ৩০৩ ৰাইফলসহ আটক কৰি জেললৈ প্ৰেৰণ কৰিছিল আৰক্ষীয়ে। পূৰ্বে আটক হোৱা চোৰাং চিকাৰী কেইটা ক্ৰমে পিপিল দাস, চন্দন দাস, হেমন্ত ভূঞা আৰু মুহিকান্ত হাজৰিকা।