117
ৰঙিয়াঃ বান্দৰ কেঁকোৱা সানি সেনা জোৱানৰপৰা দুৰ্বৃত্তই লুটি নিলে প্ৰায় ডেৰ লক্ষাধিক টকা। ঘটনাৰ বিৱৰণি মতে নলবাৰী বৰমাত থকা সেনাৰ জাত ৰেজিমেণ্টৰ সন্দীপ কুমাৰ নামৰ সেনাৰ জোৱানজনে তেঁওলোকৰ ইউনিটৰ বাবে ৰঙিয়াস্থিত ভাৰতীয় ষ্টেট বেংকৰপৰা উলিয়াইছিল ধন।
ধন উইড্ৰ কৰাৰ পিছতে জোৱানজনে ৰঙিয়াৰ কৃষ্ণ ভাণ্ডাৰত বজাৰ কৰাৰ মানসেৰে প্ৰৱেশ কৰে। কিন্তু তাতেই খাপ পিটি ৰৈ আছিল দুৰ্ভাগ্য।