বিগত কিছু বছৰত হঠাৎ বাঢ়িছে আকস্মিক মৃত্যুৰ সংখ্যা। শুই থাকোতে, খাই থাকোতে, খেলি থাকোতে অথবা শৰীৰ চৰ্চাৰ সময়তে হঠাৎ ঢলি পৰি যোৱা দুই-তিনিবছৰত মৃত্যুক সাৱটিছে কেইবাগৰাকীও প্ৰসিদ্ধ ব্যক্তিৰ লগতে অসংখ্য লোকে। এনে আকস্মিক মৃত্যুক লৈ সমগ্ৰ দেশজুৰি তীব্ৰ আতংকময় পৰিৱেশে বিৰাজ কৰাও পৰিলক্ষিত হৈছে। বিভিন্নজনে এনে মৃত্যুৰ কাৰণ হিচাপে ক’ভিড মহামাৰীৰ সময়ত চৰকাৰে প্ৰদান কৰা ক’ভিড-১৯ ভেকচিন বুলি দাবী কৰি আহিছে। ক’ভিড মহামাৰীৰ পৰৱৰ্তী সময়ছোৱাত উদ্বেগজনকভাৱে বৃদ্ধি পোৱা এই মৃত্যুৰ ঘটনাই স্বাভাৱিকতে বিগত সময়ত চৰকাৰে প্ৰদান কৰা ভেকচিনৰ ওপৰতো প্ৰশ্নৰ উত্থাপন কৰিছে।
উল্লেখ্য যে, ক’ভিডৰ পৰৱৰ্তী সময়ছোৱাত ক’ভিড-১৯ ভেকচিনৰ দুটা টীকা লোৱাটো বাধ্যতামূলক কৰিছিল ভাৰত চৰকাৰে। বাছ আস্থান, বিমান বন্দৰ, ৰে’লৱে ষ্টেছন আনকি আন আন ৰাজহুৱা স্থানতো বিচৰা হৈছিল ব্যক্তিৰ ভেকচিনৰ প্ৰমাণপত্ৰ। সেই সময়ত চৰকাৰী-বেচৰকাৰী কৰ্মক্ষেত্ৰতো বাধ্যতামূলক কৰা হৈছিল টীকাকৰণৰ প্ৰমাণপত্ৰ।