ঢেকীয়াজুলিঃ পত্নীৰ যকৃতৰ ৰোগৰ চিকিৎসা ব্যয়ৰ বাবে নিজৰ কৃষিভুমি বন্ধকত দি, হালৰ গৰু বিক্ৰি কৰি সৰ্বশ্ৰান্ত হৈ মানসিক ভাৰসাম্য হেৰুৱাই ধৰণী বড়ো নামৰ কৃষক জনে অৱশেষত চুড়ান্ত সিদ্ধান্ত লৈ গামোছাৰে চিপজৰি ল’লে৷ এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে ঢেকীয়াজুলি বিধান সভা সমষ্টিৰ ঠেলামৰা ৰাজহচক্ৰৰ হাবিগাঁৱত৷
ঘটনা সন্দৰ্ভত জানিব পৰা মতে ঠেলামৰাৰ হাবিগাৱঁৰ ধৰণী বড়ো নামৰ লোক জনৰ পত্নী ইন্দিৰা বড়ো (৪০) দীৰ্ঘ দিন ধৰি যকৃত আৰু হৃদৰোগত আক্ৰান্ত হৈ গুৱাহাটী মেডিকেল কলেজ হাস্পাতালত চিকিৎসাধীন হৈ আছে৷