বিহালীঃ বিহালীৰ বৰগাংস্থিত বৰভীল চাহ বাগিছাত ১৫ জুলাইত “মা মাৰিয়াম ৩০ তম্ দিৱস অনুষ্ঠিত হয়। পুৱা ৯ বজাত পতাকা আৰু শ্বহিদ তৰ্পন কাৰ্যসূচী ৰূপায়ন কৰে বৰাগং এচিএমএচৰ প্ৰাথমিক গোটৰ সভাপতি মাৰ্চেল বাৰ্লাই।
এই অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ বিশ্বনাথ জিলাৰ সভাপতি ৰবীন ঘাটোৱাৰ, সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ বিশ্বনাথ জিলাৰ সম্পাদক অজিত কূৰ্মী, আছাৰ বিশ্বানাথ জিলা সমিতিৰ সহকাৰী সম্পাদক মাধৱ কুমাৰ, বিহালী আঞ্চলিক আছাৰ সভাপতি সঞ্জীৱ কুমাৰ তাঁতি, বৰগাং আঞ্চলিক পঞ্চায়তৰ আঞ্চলিক সদস্য প্ৰজা, অনিল জজুগৰ আদি বহুকেইগৰাকী গন্য-মান্য ব্যক্তি।