64
ডিজিটেল ডেস্কঃ বলীউডৰ জনপ্ৰিয় অভিনেতা গোবিন্দক দেখিবলৈ পোবা যাব অন্য এক চৰিত্ৰত। ধেমেলীয়া অভিনয় অাৰু নৃত্যৰে সকলোৰে মন মুহিব পৰা অভিনেতাজন এইবাৰ সম্পূৰ্ণ নিগেটিভ চৰিত্ৰত অভিনয় কৰা দেখিবলৈ পাব তেওঁৰ অনুৰাগীসকলে।
প্ৰাপ্ত তথ্য মতে, নিজৰ লয়লাস নৃত্যশৈলীৰে কম সময়তে বলীউডৰ স্থান দখল কৰা অভিনেতাজন এইবাৰ দেখিবলৈ পাব সমকামী চৰিত্ৰত। চলচিত্ৰ নিৰ্মাতাই অভিনেতাজনক ব্যতিক্ৰমী কিন্নৰ চৰিত্ৰৰ কথা কোৱাৰ পিছতেই স্ক্ৰীপ্ট পঢ়ি সন্মতি জনায় গোবিন্দাই।