Printer-friendly version

"আলিঙ্গনৰ দুই হাতে
নিবিচাৰে সেই বিজ্ঞান "
     --হেমা চৌধুৰী গগৈ


কোনোবাই চুই দিলেই গজি উঠিছিল এটি কবিতা
কোনোবাই চুই দিলেই বাজি উঠিছিল এটি সুৰ
দুহাতৰ আলিঙ্গনতেই গঢ়ি উঠিছিল বন্ধুত্ব 
 চুই দিলেই হৈ পাৰিছিল আপোন

 কোনোবাই চুই দিলেই লাইটবোৰ জ্বলি উঠে
 আন্ধাৰবোৰ নামি আহে
 নিদ্ৰা হৰে
 বিনিদ্র ৰজনীবোৰত সপোন ভাঁহে
দুহাতৰ পৰশতেই পৃথিবীখন বাঢ়ে

বহুদৰ্শীৰ আৱিষ্কাৰত
সেই দুহাতত এতিয়া জুঙাল কাঁইট 
বিষাক্ত ভাইৰাচৰ অবাধ বিচৰণ
আমি ত্ৰস্তমান 

বিচৰা নাছিলো সেই বিজ্ঞান
যি বিজ্ঞানে মন গ'লেই হাজাৰ জনৰ
উশাহ কাঢ়ি নিব পাৰে
স্তব্ধ কৰিব পাৰে পৃথিৱী
অনুমতিৰ অবিহনে কাঢ়ি নিব পাৰে আপোনক
বন্ধ কোঠাত সমাধি সাজে
জীৱিতজনৰ
তেনে বিজ্ঞানত 
ত্ৰস্তমান হওঁ
বিচৰা নাছিলো সেই বিজ্ঞান
যি বিজ্ঞানে নুমুৱাই পেলাব খোজে
উপাসনাৰ বন্তি
চক্ৰযান আৰু বিমানেৰে 
যি বিজ্ঞানে সিঁচিব পাৰে ৰোগৰ বীজ
আপোনৰ বাবে আপোনৰ অক্ষমতা
চুই চাব নোৱাৰো আপোনৰ নিথৰ দেহ
সজাব নোৱাৰো সমাধি সৌধ
নিবিচাৰো এতিয়া আলিঙ্গনৰ দুই হাত
সেই দুহাত আগবাঢ়ি অহা দেখিলে
মই মূৰ্ছা যাওঁ