
নতুন দিল্লীঃ বিগত ২৩ মাহ ধৰি মণিপুৰত জ্বলি আছে হিংসাৰ দাবানল। ইটোৰ পিছত সিটো সংঘৰ্ষ, মৃত্যুদল, হাজাৰ হাজাৰ লোক গৃহহীন- এই সকলোবোৰৰ মাজতে কেন্দ্ৰৰ ভূমিকাক লৈ বাৰে বাৰে উত্থাপন হৈ আহিছে প্ৰশ্নৰ। শ শ প্ৰতিশ্ৰুতি, ভ্ৰমণ, নিৰাপত্তা বাহিনী নিয়োগ কৰাৰ পিছতো মণিপুৰলৈ শান্তি ঘূৰাই অনাত ব্যৰ্থ হৈছে বিজেপি চৰকাৰ। আনহাতে বিগত এই ২৩ মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এবাৰলৈও উত্তৰ-পূবৰ ৰাজ্যখনলৈ নহাক লৈও অব্যাহত আছে আন এক বিতৰ্ক। ইয়াৰ মাজতে মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ পদত্যাগৰ পিছত মণিপুৰত বলবৎ হয় ৰাষ্ট্ৰপতিৰ শাসন।
এনে পৰিস্থিতিৰ মাজতে অশান্ত মণিপুৰলৈ শান্তি ঘূৰাই অনাৰ লক্ষ্যৰে শনিবাৰে নতুন দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়, মেইটেই আৰু কুকি-জো সম্প্ৰদায়ৰ প্ৰতিনিধিৰ মাজত অনুষ্ঠিত হয় প্ৰথমখন ত্ৰিপাক্ষিক বৈঠক। কিন্তু এই বহু প্ৰত্যাশিত বৈঠকৰ পাছতো পৰিস্থিতি অস্পষ্ট হৈয়েই থাকিল। বৈঠকত আলোচনা কৰা বিষয় সন্দৰ্ভত গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ প্ৰতিনিধি আৰু ন্যায় মন্ত্ৰালয়ৰ বিষয়াসকলে কোনো মন্তব্য দিবলৈ অস্বীকাৰ কৰে।
আনহাতে, কুকি-জো কাউন্সিলৰ অধ্যক্ষ হেনলিয়ানথাং থাংলেটে কয় যে আলোচনাত কোনো চূড়ান্ত সিদ্ধান্তত উপনীত হ’ব পৰা নাই। থাংলেটে কয় যে বৈঠকত যৌথ শান্তি বাৰ্তা প্ৰকাশৰ প্ৰস্তাৱ দিয়া হৈছিল যদিও কুকি-জোৰ প্ৰতিনিধিসকলে এই কথাত সন্মতি প্ৰকাশ কৰা নাই। ফলত আলোচনা ‘অসম্পূৰ্ণ’ হৈয়েই থাকে।
তেওঁ কয় যে পৰৱৰ্তী ত্ৰিপাক্ষিক বৈঠক কেতিয়া আৰু ক’ত অনুষ্ঠিত হ’ব সেয়া গৃহ মন্ত্ৰালয়ে সিদ্ধান্ত ল’ব। উল্লেখ্য যে, যোৱা বছৰৰ ৩ মে’ৰ পৰা মণিপুৰত মেইটেইৰ অনুসূচিত জাতিৰ মৰ্যাদাৰ দাবীক কেন্দ্ৰ কৰি জাতিগত হিংসাৰ সৃষ্টি হৈছে। তেতিয়াৰ পৰাই এই সংঘাত অব্যাহত আছে। এনে পৰিস্থিতিত মেইটেৰ হৈ শনিবাৰৰ বৈঠকত অল মণিপুৰ ইউনাইটেড ক্লাবছ অৰ্গেনাইজেশ্যন (আমুকো) আৰু ফেডাৰেচন অৱ চিভিল ছ’চাইটি অৰ্গেনাইজেশ্যনৰ সদস্যসকল উপস্থিত থাকে। আনহাতে, কুকি-জো-হমাৰ সম্প্ৰদায়ৰ হৈ ৮ জনীয়া প্ৰতিনিধি দলে অংশগ্ৰহণ কৰে।
এই বৈঠকত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ উপদেষ্টা এ কে মিশ্ৰ আৰু যুটীয়া সঞ্চালক ৰাজেশ কাম্বলেকে ধৰি চাৰিগৰাকী বিষয়া উপস্থিত থাকে। এই বৈঠকৰ মূল উদ্দেশ্য আছিল মেইটেই আৰু কুকি-জো-হমাৰ সম্প্ৰদায়ৰ মাজত আস্থা পুনৰ গঢ়ি তোলা, শান্তি পুনৰুদ্ধাৰৰ কাঠামোৰ ৰূপৰেখা দাঙি ধৰা, ৰাজ্যখনত আইন-শৃংখলা বজাই ৰখা। কিন্তু মেইটেইৰ শীৰ্ষ সংগঠন ক’কমি (মণিপুৰ অখণ্ডতাৰ সমন্বয়ক সমিতি)য়ে এই বৈঠকৰ গ্ৰহণযোগ্যতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে।
ক’কমিয়ে এক বিবৃতিত দাবী কৰে যে দিল্লীৰ বৈঠকখন “মঞ্চ পৰিচালিত নাটক”। সংগঠনটোৰ মতে, এই আলোচনাৰ জৰিয়তে চৰকাৰে মণিপুৰ সংকটক "মেইটেই বনাম কুকি" জনগোষ্ঠীয় সংঘাত হিচাপে চিত্ৰিত কৰিছে, যিটো সম্পূৰ্ণ বিভ্ৰান্তিকৰ।
ক’কমিৰ দাবী যে ২০০৮ চনৰ পৰাই চৰকাৰে ছুঅ’ চুক্তিৰ অধীনত চীন-কুকি উগ্ৰপন্থীক সমৰ্থন কৰি আহিছে। এই চুক্তিৰ অন্তৰ্ভুক্ত গোটসমূহক শান্তি প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত কৰাৰ অৰ্থ হ’ল সংঘাতৰ মূললৈ যোৱাটো। ইম্ফলত কেন্দ্ৰীয় প্ৰতিনিধিৰ সৈতে বিগত বৈঠকত তেওঁলোকে স্পষ্টকৈ কৈছে যে মণিপুৰৰ জনসাধাৰণে কেন্দ্ৰীয় চৰকাৰক নিৰপেক্ষ বুলি গণ্য নকৰে। দিল্লীৰ এই বৈঠক আছিল খৰখেদাকৈ আয়োজন কৰা বৈঠক, যাৰ উদ্দেশ্য আছিল সংসদত গৃহমন্ত্ৰীৰ ভাষণৰ বাবে কিছু ‘শান্তিৰ বাৰ্তা’ প্ৰস্তুত কৰা।
ক’কমিৰ দাবী যে প্ৰকৃত শান্তি ঘূৰাই আনিবলৈ হ’লে প্ৰথমে পাহাৰীয়া অঞ্চলত উগ্ৰপন্থী ঘাটি ধ্বংস কৰিব লাগিব, ছুঅ’ চুক্তি বাতিল কৰিব লাগিব, ড্ৰাগছ আৰু অনুপ্ৰৱেশৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰৱৰ্তন কৰিব লাগিব। ইয়াৰ লগতে ছুঅ’ গোটৰ নেতাসকলক পোনপটীয়াকৈ আলোচনাত আনি শান্তি প্ৰক্ৰিয়াত ব্যাঘাত জন্মাব পৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।
ইফালে, ১৩টা কুকি-জো সংগঠনেৰে গঠিত কুকি-জো কাউন্সিলে ইয়াৰ পূৰ্বে জানুৱাৰী মাহত দিল্লীত কেন্দ্ৰীয় বিষয়াৰ সৈতে বৈঠকত মিলিত হৈছিল আৰু কুকি প্ৰধান অঞ্চলসমূহৰ বাবে সুকীয়া কেন্দ্ৰীয় শাসিত অঞ্চল বা পৃথক প্ৰশাসনৰ দাবী জনাইছিল।
বিগত ২৩ মাহত এই সংঘাতত ২৫০ জনতকৈ অধিক লোকে প্ৰাণ হেৰুৱাইছে আৰু ১৫০০ৰো অধিক লোক আহত হৈছে। প্ৰায় ৬০ হাজাৰ লোক গৃহহীন হোৱাৰ লগতে বিপুল পৰিমাণৰ ৰাজহুৱা আৰু ব্যক্তিগত সম্পত্তি ধ্বংস হৈছে। এই পৰিস্থিতিত শান্তি আলোচনা আৰম্ভ হ’লেও কিমান ফলপ্ৰসূ হ’ব সেই সম্পৰ্কে এতিয়াও সন্দেহৰ সৃষ্টি হৈছে।