newsnextone.com | ডিজিটেল ডেস্কঃ বিহাৰৰ একক বৃহৎ দল হৈছে লালু প্ৰসাদ যাদৱৰ আৰজেডি দল৷ কৰ্ণাটকৰ ৰাজ্যপালে কৰ্ণাটকত একক বৃহৎ দলক চৰকাৰ গঠনৰ সুবিধা প্ৰদানৰ পিছতে দেশৰ কেইবাখনো ৰাজ্যত একক বৃহৎ দলে চৰকাৰ গঠন কৰিব দিয়াৰ দাবীত সবল স্থিতি গ্ৰহণ কৰা দেখা গৈছে৷ উত্তৰ পূৰ্বাঞ্চলৰ মণিপুৰ, মেঘালয়, গোৱা, বিহাৰ আদি ৰাজ্যত চৰকাৰ গঠনৰ বাবে একক বৃহৎ দলে কুচকাৱাজ আৰম্ভ কৰিছে৷
Goa: 13 Congress MLAs at Raj Bhavan, hand over memorandum to Governor Mridula Sinha saying Congress is the single largest party in the state pic.twitter.com/WCJ2DilCFN
— ANI (@ANI) May 18, 2018
বিহাৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তথা লালু প্ৰসাদ যাদৱৰ পুত্ৰ তেজস্বী যাদৱে শুকুৰবাৰে আৰজেডিৰ বিধায়ক আৰু মিত্ৰজোঁটৰ বিধায়কসকলৰ সৈতে পথ যাত্ৰা আৰম্ভ কৰে৷ পথ যাত্ৰা কৰি ৰাজ্যপালক সক্ষাৎ কৰিব তেজস্বীয়ে৷ তেজস্বীয়ে কয় যে আমি সংখ্যাগৰিষ্ঠতা প্ৰতিপন্ন কৰিবলৈ সক্ষম বুলি প্ৰকাশ কৰে৷ আমি ৰাজ্যপালক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ বাবে দাবী জনাম৷ আমাৰ সৈতে বহু দলৰ বিধায়কৰ সমৰ্থন আছে৷ দেখা যাব আগে আগে কি হয়৷
We are going to prove our majority to the Governor. We stake claim to form the government. We have the support of many parties & MLAs of those parties are with us. Let's see what happens: Tejashwi Yadav, Rashtriya Janata Dal. #Bihar pic.twitter.com/qzORWzhIfo
— ANI (@ANI) May 18, 2018
আৰজেডি আৰু আন আন দলৰ নেতাই পথ যাত্ৰা কৰি ৰাজ্যপাল সত্যপাল মালিকক সাক্ষাৎ কৰিব৷ যাৰ দ্বাৰা আৰজেডিয়ে বৃহৎ একক দল হোৱাৰ দাবী কৰিব৷ যাৰ বাবে আৰজেডিক চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ কৰিব লাগে বুলি কব৷
Let us wait till 4 pm tomorrow. What is the outcome on the floor of the Karnataka assembly. The Manipur Governor Jagdish Mukhi said that he will look into the matter. I hope he will do justice: Okram Ibobi Singh, Congress & Former CM of Manipur. pic.twitter.com/ztOQDowV2K
— ANI (@ANI) May 18, 2018
বৃহস্পতিবাৰে তেজস্বী যাদৱে কয় যে কৰ্ণাটকত যদি সকলোতকৈ ডাঙৰ দলে চৰকাৰ গঠনৰ সুবিধা লাভ কৰিছে তেনেদৰে বিহাৰত আৰজেডিয়ে চৰকাৰ গঠনৰ বাবে সুবিধা লাভ কৰা উচিত৷ আধাৰ মতে, যদি সকলোতকৈ ডাঙৰ দলে যদি চৰকাৰ গঠন কৰিব পাৰে তেন্তে বিহাৰত আৰজেডিক চৰকাৰ গঠনৰ সুবিধা দিয়া উচিত৷
বিহাৰৰ ৰাজ্যপালে চুৰি দুৱাৰেৰে জনমতক উপেক্ষা কৰি গঠন কৰা চৰকাৰ ভংগ কৰি সকলোতকৈ ডাঙৰ দলক চৰকাৰ গঠন কৰাৰ সুবিধা দিব লগা বুলি কয়৷
RJD and other alliance parties-Congress and CPI(ML) hand over letters to Governor Satyapal Malik stating that RJD is the single largest party hence should be invited to form Government pic.twitter.com/NdTSuvBsB0
— ANI (@ANI) May 18, 2018
আনহাতে গোৱাত ১৩গৰাকী বিধায়কে ৰাজ্যপাল মৃদুলা সিঙক সাক্ষাৎ কৰে৷ ৰাজ্যপালক সাক্ষ্যৎ কৰি চৰকাৰ গঠনৰ বাবে সুবিধা প্ৰদান কৰাৰ দাবী জনায়৷ কংগ্ৰেছে উত্তৰ পূৰ্বাঞ্চলৰ দুখন ৰাজ্য মণিপুৰ আৰু মেঘালয়ত এতত বৃহৎ দলক চৰকাৰ গঠন কৰিব দিয়াৰ দাবী উত্থাপন কৰিছে৷ মণিপুৰ আৰু মেঘালয়ত কংগ্ৰেছ একক বৃহৎ দল৷ মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা অ’ক্ৰাম ইববি সিঙে কংগ্ৰেছক আস্থা ভোট অনুষ্ঠিত কৰাৰ সুবিধা দিয়াৰ দাবী উত্থাপন কৰে৷
Rs. 100 crore or Rs. 200 crore, our MLAs are with us. None of our members are going away. Today, evening or tomorrow early morning, we all are leaving for Bengaluru: GT Devegowda, JD(S) in #Hyderabad. pic.twitter.com/eBa1lc7SHn
— ANI (@ANI) May 18, 2018
যোৱা মণিপুৰ বিধানসভা নিৰ্বাচনত ৬০ খন আসনৰ ভিতৰত ২৮ খন আসন লাভ কৰিছিল কংগ্ৰেছে৷ বিজেপিয়ে লাভ কৰিছিল ২১ খন আসন৷ নগা পিপলছ ফ্ৰণ্টৰ আন আন দলৰ সৈতে লগলাগি বিজেপিয়ে চৰকাৰ গঠন কৰিছিল৷
Patna: Tejashwi Yadav and other alliance leaders met Bihar Governor Satyapal Malik, hand over letters stating that RJD is the single largest party and hence should be invited to form Government pic.twitter.com/K24yHxu3nH
— ANI (@ANI) May 18, 2018
টাইমছ নাৱক দিয়া এটা সাক্ষাৎকাৰত প্ৰাক্তন মণিপুৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যেনেদৰে কৰ্ণাটকত বৃহৎ দলক চৰকাৰ গঠন কৰাৰ সুবিধা দিছে তেওঁলোকক দিয়া উচিত বুলি কয়৷ আনহাতে কংগ্ৰেছৰ এটা প্ৰতিনিধি দলে শুকুৰবাৰে ৰাজ্যপালক সাক্ষাৎ কৰি এই দাবী উত্থাপন কৰিব৷
Humein yeh maloom hai, kis mantri (Central minister) ke dwara unko phone kiya gaya, bulaya gaya aur baad mein pakad kar bhi rakha: Ghulam Nabi Azad, Congress on 'missing' Congress MLA Anand Singh. #KarnatakaElections2018 pic.twitter.com/klKzCjfM8a
— ANI (@ANI) May 18, 2018
If we are given a chance, we can easily clear the floor test. We have a total of 111 MLAs and some unhappy JD(U) MLAs are in contact with us. We don't have MLAs in our party or alliance who will take u-turn like Nitish Kumar: Tejashwi Yadav, RJD pic.twitter.com/0kihMawxz8
— ANI (@ANI) May 18, 2018
গোৱা কংগ্ৰেছৰ নেতা জ্যোতিষ নাঈকে কয় যে ২০১৭ চনত আমি ১৭গৰাকী বিধায়ক জয়ী হৈ সকলোতকৈ ডাঙৰ দল প্ৰতিপন্ন হৈছো৷ কিন্তু ৰাজ্যপালে বিজেপিক আমন্ত্ৰণ কৰিলে চৰকাৰ গঠনৰ বাবে৷ যাৰ সৈতে ১৩গৰাকী বিধায়ক আছে৷ কৰ্মআটকৰ ৰাজ্যপালে সকলোতকৈ বেছি বিধায়ক থকা দলক চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ কৰিছে তেনদৰে আমাকো ৰাজ্যপালে চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ কৰিব লাগে৷