ভাষা হৈছে মানুহক ইজনে সিজনৰ লগত সংযোগ কৰাৰ আটাইতকৈ শক্তিশালী মাধ্যম। কিন্তু শেহতীয়াকৈ এই ভাষাই কেন্দ্ৰীয় চৰকাৰ আৰু তামিলনাডু চৰকাৰৰ মাজত সংঘাতৰ মূল কাৰণ হৈ পৰিছে। তামিলনাডু চৰকাৰে ৰাষ্ট্ৰীয় শিক্ষা নীতি (এনইপি) কাৰ্যকৰী কৰিবলৈ অস্বীকাৰ কৰি এই নীতি ৰাজ্যখনৰ ওপৰত হিন্দী জাপি দিয়াৰ প্ৰয়াস বুলি অভিযোগ উত্থাপন কৰাৰ পিছতে সৃষ্টি হৈছে ৰাজনৈতিক বিতৰ্কৰো।

তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন নেতৃত্বাধীন ডিএমকে চৰকাৰে কয় যে ৰাজ্যখনৰ ইতিমধ্যে দুটা ভাষাৰ নীতি আছে—তামিল আৰু ইংৰাজী। কিন্তু ৰাষ্ট্ৰীয় শিক্ষা নীতিত তিনিটা ভাষাৰ প্ৰস্তাৱ দিয়া হৈছে, য’ত যিকোনো এটা ভাৰতীয় ভাষাৰ পাঠদান তৃতীয় ভাষা হিচাপে থাকিব। অৱশ্যে এই নীতিত হিন্দীয়েই যে তৃতীয় ভাষা হ’ব সেয়া স্পষ্টকৈ উল্লেখ নাই যদিও তামিলনাডু চৰকাৰৰ মতে, এই শিক্ষা নীতিৰ জৰিয়তে হিন্দী বলয়ৰ ৰাজনীতি পুষ্ট ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে দক্ষিণ ভাৰতত হিন্দী ভাষা জাপি দিব বিচাৰিছে। 

স্বাভাৱিকতেই কেন্দ্ৰীয় চৰকাৰৰ সৈতে এই প্ৰত্যক্ষ বাকযুদ্ধৰ পৰিণাম তামিলনাডুৰ বাবে ভয়াবহ হ’ব পাৰে। ইতিমধ্যেই কেন্দ্ৰীয় চৰকাৰে ইংগিত দিছে যে ৰাজ্য চৰকাৰে যদি এনইপি কাৰ্যকৰী নকৰে তেন্তে সমগ্ৰ শিক্ষা অভিযানৰ অধীনত প্ৰদান কৰা আৰ্থিক সাহায্য কৰ্তন কৰা হ’ব পাৰে। মোদী চৰকাৰৰ এই ইংগিতৰ পিছত এয়া তামিলনাডুৰ ওপৰত 'ব্লেকমেইলিং’ বুলি অভিহিত কৰিছে মুখ্যমন্ত্ৰী ষ্টেলিনে। 

লক্ষণীয়ভাৱে, এই বিতৰ্ক কেৱল ভাষাৰ নহয়, এতিয়া উত্তৰ-দক্ষিণ ভাৰতৰ মাজত ই এক জটিল ৰাজনৈতিক বিষয়ত পৰিণত হৈছে। প্ৰশ্ন উত্থাপন হৈছে- ভাষাক লৈ আকৌ বৃদ্ধি পাব নেকি সংঘাত? কেন্দ্ৰ আৰু ৰাজ্যৰ সম্পৰ্কত কি প্ৰভাৱ পেলাব এই ভাষা বিতৰ্কই?

আনহাতে এই বিতৰ্ক কেৱল চৰকাৰী পৰ্যায়তে সীমাবদ্ধ থাকিব নে ইয়াৰ প্ৰভাৱ সাধাৰণ জনতাৰ ওপৰত পৰিব সেয়াও এক প্ৰশ্নৰ বিষয় হৈ পৰিছে। একে সময়তে বিশ্বায়নৰ এই যুগত নিজৰ মাতৃভাষাৰ উপৰি তৃতীয় ভাষা শিকাটো কিমান প্ৰয়োজন বা ভাৰতৰ ফেডাৰেল গাঁথনিৰ বাবে তৃতীয় ভাষা হিচাপে হিন্দী কিমান গুৰুত্ব সেই সন্দৰ্ভতো নানা জনৰ মনত প্ৰশ্নৰ অৱতাৰণা ঘটিছে। 

ভাষাক লৈ ৰাজনীতি

এইখিনিতে উল্লেখ কৰিব লাগিব যে, ভাষাক লৈ বিতৰ্ক কেৱল শিক্ষা নীতিত সীমাবদ্ধ নহয়। শেহতীয়াকৈ তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে আশংকা ব্যক্ত কৰিছিল যে যদিহে প্ৰস্তাৱিত লোকপিয়লৰ পিছত কেৱল জনসংখ্যাৰ ভিত্তিত লোকসভা সমষ্টিৰ সীমা নিৰ্ধাৰণ কৰা হয়, তেন্তে দক্ষিণ ভাৰতত লোকসভাৰ আসন হ্ৰাস পাব। যিহেতু দক্ষিণ ভাৰতৰ তুলনাত উত্তৰ ভাৰতৰ জনসংখ্যা অধিক, সেয়েহে দক্ষিণ ভাৰতৰ লোকসভাৰ আসন কৰ্তন হৈ উত্তৰ ভাৰতে অধিক আসন লাভ কৰিব বুলি আশংকা প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰী ষ্টেলিনে। অৱশ্যে শেহতীয়াকৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আশ্বাস দিছে যে সীমা নিৰ্ধাৰণৰ ফলত দক্ষিণ ভাৰতৰ ৰাজ্যসমূহৰ কোনো ক্ষতি নহয়।

এই বিষয়ত বিশ্লেষকসকলৰ মাজত ভিন্ন মতামত আছে। ৰাজনৈতিক বিশ্লেষক মনীষা প্ৰিয়মে কয়, "ভাৰতত জীৱন ভাষাৰ জৰিয়তে জীয়াই থাকে। ইয়াত হিন্দীৰ বাহিৰেও ভোজপুৰী আৰু মৈথেলীৰ দৰে ভাষাত গীত গোৱা হয়। ভাষিক বৈচিত্ৰ্য কেৱল হিন্দীতে সীমাবদ্ধ নহয়।"

তেওঁ লগতে কয়, "এয়া কেৱল উত্তৰ আৰু দক্ষিণৰ ৰাজনীতি নহয়, মই ইয়াক এক তীক্ষ্ণ ৰাজনীতি হিচাপে দেখিছো। ভাষা, শিক্ষা, নীতি আৰু বিশ্ববিদ্যালয়- এই সকলোবোৰ আমাৰ সংগ্ৰামৰ ফল। প্ৰতিটো ৰাজনীতি ভাৰতৰ লাভ-লোকচানৰ কথা নহয়। শিক্ষা আমাৰ প্ৰেমৰ ৰাজনীতি।"

নেচনেল ইনষ্টিটিউট অৱ অ’পেন স্কুলিঙৰ প্ৰাক্তন একাডেমিক ডাইৰেক্টৰ ড০ ৰাজেশ কুমাৰে কয়, "কেন্দ্ৰই যেতিয়াই হিন্দী বা তিনিটা ভাষাৰ নীতিত কাম কৰাৰ কথা কয়, তেতিয়াই ইয়াক বিবেচনা কৰিব লাগে যে আন ৰাজ্যসমূহে ইয়াক কেনেদৰে চাইছে। তেওঁলোকে অনুভৱ কৰে যে ই তেওঁলোকৰ ভাষা আৰু সংস্কৃতিৰ ওপৰত আক্ৰমণ। আৰু যিহেতু ই এটা পুৰণি বিতৰ্ক, সেয়েহে ইয়াক লৈ আশ্বস্ত হোৱাটো খুবেই প্ৰয়োজন।"

প্ৰাক্তন আইএএছ বিষয়া আৰ ৰঙ্গৰাজনে কয়, "সংবিধান অনুসৰি আমাৰ চৰকাৰী ভাষা হিন্দী। যিসকলে পঢ়িব বা শিকিব বিচাৰে তেওঁলোকে শিকিব। কিন্তু যদি আপুনি কয় যে তৃতীয় ভাষা পঢ়িব লাগিব, তেন্তে সেয়া ৰাজনৈতিক অভিযোগৰ বিষয় হৈ পৰে।"

তেওঁ লগতে কয়, "১৯৬৮ চনত যেতিয়া তিনি ভাষাৰ নীতি প্ৰণয়ন কৰা হৈছিল, তেতিয়া ধাৰণা আছিল যে দক্ষিণৰ মানুহে হিন্দী শিকিব আৰু উত্তৰ ভাৰতৰ ৰাজ্যসমূহে দক্ষিণ ভাৰতীয় ভাষা শিকিব। কিন্তু কি হ'ল? উত্তৰ ভাৰতৰ বিদ্যালয়সমূহত সংস্কৃত মূলতঃ তৃতীয় ভাষা হিচাপে শিকোৱা হয়।"

ভাষাক লৈ বিতৰ্ক

হিন্দীক লৈ তামিলনাডুৰ বিবাদৰ ইতিহাস বহু পুৰণি। ১৯২৮ চনত যেতিয়া মতিলাল নেহৰুৱে হিন্দীক চৰকাৰী ভাষা হিচাপে গঢ়ি তোলাৰ প্ৰস্তাৱ দিছিল, তেতিয়া তামিল নেতাসকলে ইয়াৰ বিৰোধিতা কৰিছিল। তেতিয়াৰ পৰাই কেন্দ্র আৰু দক্ষিণ ভাৰতৰ ৰাজ্যৰ মাজত বহু ভাষা বিবাদৰ সৃষ্টি হৈছে৷

ড০ ৰাজেশ কুমাৰে কয়, "আমি যি যুদ্ধ কৰি আছো সেয়া এখন পৰাজয়ৰ যুদ্ধ। আজিৰ পৃথিৱীত এআই আৰু অনুবাদ প্ৰযুক্তিৰ উন্নতিৰ বাবে ভাষাৰ বাধা কমি আহিছে। যেতিয়া আমি শিক্ষা আৰু সংস্কৃতিৰ উন্নতিৰ ওপৰত গুৰুত্ব দিব লাগে, সেই সময়ত আমি এতিয়াও দুটা বা তিনিটা ভাষাৰ বিতৰ্কতে আবদ্ধ হৈ আছো।"

প্ৰাক্তন আইএএছ বিষয়া আৰ ৰঙ্গৰাজনে কয়, "ভাৰতত হিন্দীৰ ব্যাপক ব্যৱহাৰ হোৱাৰ পিছতো ভাষা কেৱল যোগাযোগৰ মাধ্যম; জ্ঞান আহৰণৰ ক্ষেত্ৰখন বেলেগ। ভাষাৰ বিষয়ে জ্ঞান আৰু জ্ঞান আহৰণ দুটা পৃথক কথা। ইংৰাজী, তামিল, তেলেগু বা হিন্দী– এই সকলোবোৰ শিক্ষাৰ মাধ্যম।" তেওঁ লগতে কয়, “এএছইইআৰৰ প্ৰতিবেদন অনুসৰি পঞ্চম শ্ৰেণীৰ প্ৰায় ৬০ শতাংশ শিশুৱে দ্বিতীয় শ্ৰেণীৰ পাঠ্যপুথি নিজৰ মাতৃভাষাত সঠিকভাৱে পঢ়িব নোৱাৰে। এই কাৰণে মাতৃভাষা আৰু ইংৰাজীক বিশেষ গুৰুত্ব দিয়াৰ প্ৰস্তাৱ দিয়া হৈছে।’’

আৰ ৰঙ্গৰাজনে লগতে কয়, "এয়া কেৱল উত্তৰ আৰু দক্ষিণৰ সমস্যা নহয়, ই পঞ্জাৱ, হিমাচল, উত্তৰাখণ্ড, উত্তৰ ভাৰত আৰু উত্তৰ-পূবৰ ৰাজ্যসমূহৰ বাবেও প্ৰাসংগিক, যিবোৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা আছে।" তেওঁ পৰিসংখ্যাৰ জৰিয়তে উল্লেখ কৰে যে, "বৰ্তমান উত্তৰ প্ৰদেশৰ জনসংখ্যা প্ৰায় ২৩-২৪ কোটি, য'ত লোকসভাত ৮০ খন আসন আছে, অৰ্থাৎ এজন প্ৰতিনিধিয়ে প্ৰায় ৩০ লাখ লোকক প্ৰতিনিধিত্ব কৰে, আনহাতে তামিলনাডুৰ জনসংখ্যা প্ৰায় ৮ কোটি, য'ত ৩৯ খন আসন আছে, অৰ্থাৎ এজন প্ৰতিনিধিয়ে প্ৰায় ২০ লাখ লোকক প্ৰতিনিধিত্ব কৰে।"

কাৰ লাভ, কাৰ লোকচান?

ৰাজনৈতিক বিশ্লেষক মনীষা প্ৰিয়মে কয় যে আমি লাভ-লোকচানৰ ৰাজনীতিত প্ৰৱেশ কৰিছো আৰু সমষ্টি পুনৰ নিৰ্ধাৰণে এই বিষয়টোক প্ৰত্যক্ষভাৱে প্ৰভাৱিত কৰিব। তেওঁ কয় যে দক্ষিণৰ অন্ধ্ৰ প্ৰদেশৰ বাহিৰেও আন ৰাজ্য যেনে তামিল, মালয়ালী আৰু কানাড়া ৰাজ্যই শিশুসকলক তেওঁলোকৰ ভাষাৰ জৰিয়তে শিক্ষা প্ৰদান কৰি ৰাষ্ট্ৰীয় সাক্ষৰতাৰ হাৰ উন্নত কৰিছে।

মনীষা প্ৰিয়মে কয়, "উত্তৰ আৰু দক্ষিণৰ মাজত লাভ-লোকচানৰ ৰাজনীতিত আমি আবদ্ধ হৈ আছো। দক্ষিণ ভাৰতৰ ৰাজ্যসমূহে নিজৰ ভাষা আৰু শিক্ষা ব্যৱস্থাৰ জৰিয়তে সফলতা লাভ কৰিছে। আমি তেওঁলোকৰ পৰা শিকিব লাগিছিল।"

তেওঁ আৰু কয়, "বিহাৰ আৰু উত্তৰ প্ৰদেশৰ বিদ্যালয়সমূহত তিনি ভাষাৰ নীতিৰ কোনো সমস্যা হোৱা নাই। তেওঁলোকক প্ৰয়োজনীয় সম্পদ আৰু ভাষা দিয়া হৈছে। কিন্তু তেওঁলোকৰ সাক্ষৰতাৰ হাৰ এতিয়াও পিছ পৰি আছে। দক্ষিণ ভাৰতৰ ৰাজ্যসমূহে নিজৰ ভাষা আৰু শিক্ষা ব্যৱস্থাৰ জৰিয়তে সফলতা লাভ কৰিছে।"

তেওঁ লগতে কয় যে এই পৰিস্থিতিত দক্ষিণৰ ৰাজ্যসমূহৰ পৰা পিছ পৰি যোৱাৰ আশংকা আছে আৰু ইয়াৰ ফলত ভৱিষ্যতে ক্ষমতাৰ ভাগ-বতৰাত প্ৰভাৱ পৰিব পাৰে।

ড° ৰাজেশ কুমাৰে কয়, "স্বাধীনতাৰ সময়ত যদি হিন্দীক ৰাজ্যিক ভাষা হিচাপে গ্ৰহণ কৰা হ'লহেঁতেন তেন্তে ইয়াক বহুলভাৱে গ্ৰহণ কৰা হ'লহেঁতেন। চৰকাৰ গঠন হয় আৰু চৰকাৰী কাম-কাজ ৰাজ্যভাষাৰ জৰিয়তে পৰিচালিত হয়।" তেওঁ কয় যে আটাইতকৈ সহজ সমাধান হ’ল ছাত্ৰ-ছাত্ৰীসকলক মুক্তভাৱে ভাষা আৰু বিষয় বাছনি কৰাৰ সুযোগ দিয়া, যাতে ই বাধ্যতামূলক নহয়, তেওঁলোকৰ পছন্দৰ দ্বাৰা নিৰ্ধাৰিত হয়।