মাগুৰ

by News Desk
A+A-
Reset
jintu

…..তাইৰ মনত তেতিয়া জেদ আৰু ক্ষোভৰ ঘোঁৰা দৌৰিছে …..গৈ গৈ তাই খাল পালে৷ বোকা-পানীৰে ভৰা খালটোৰ বুকুলৈ তাই মাছকেইটা দলিয়াই দিলে……. মাগুৰকেইটাই এপলক তাইলৈ চালে আৰু পিছমুহূৰ্ততে বোকাৰ মাজত আত্মগোপন কৰিলে…… মুকলি মুকলি অনুভৱ এটাই তাইক চুই গ’ল….. পৃথিৱী তেতিয়া পোহৰ হ’ব ধৰিছে……

[by JINTU GITARTHA]
শাওণ মাহ৷ আকাশ আন্দোলি আছে৷ যোৱা কেইবাদিনো ধৰি নেৰা-নেপেৰা বৰষুণ৷ ছিপ্‌-ছিপ্‌-ছিপ্‌-ছিপ্‌৷ নেৰে হে নেৰে৷ গাঁওখনৰ মানুহবোৰে এইকেইদিন মূৰত চিন্তাৰ পাহাৰ একোটা লৈ ফুৰিছে৷
‘বৰষুণ নেৰ্‌ব’ই নেকি’?
‘ঈশ্বৰে বা কি খেলা পাত্‌ছি’!
মানুহবোৰে আলচে৷ কোনো এঘৰৰ কাঁথিৰ কোণত তামোলৰ ৰসনাৰে কথাবোৰ পাগত উঠে৷ অথচ ক’লা হৈ বৰষি থকা আকাশ, সন্মুখৰ পিছল হৈ অহা চোতালেৰে হৰদম বৈ গৈ থকা বৰষুণৰ টোপাল– এই সকলো দেখি মানুহসোপাৰ মুখবোৰ মোলান পৰি আহে৷ সমানে সেৰেকা হৈ আহে তামোলৰ জুতি৷ হ’বৰেই কথা৷ সৌ সিদিনা পথাৰবোৰ গাহৰিয়ে খচা দি খচি কঠীয়া ৰুই থৈ আহিছিলহে৷ তেতিয়া উদং পথাৰত চৌফলীয়া ৰ’দ গাত পাতি লৈ মানুহবোৰে ভূঁই ৰুইছিল৷ ওচৰৰ খাল, ডোঙৰ পৰা মেচিনেৰে পথাৰত পানী দিব লগা হৈছিল৷
আৰু এতিয়া?
কঠীয়া সোপাই ফেট ধৰি বাঢ়ি আহিবলৈ লওঁতেই আৰম্ভ হ’ল বৰষুণজাক৷ আকাশৰ বুকুত বাঢ়ি আহিল ক’লা ক’লা গৰ্ভৱতী মেঘবোৰ৷ যেনিবা পৃথিৱীৰ বাঢ়ি অহা সেউজীয়া ভৰুণ বুকু চুমি চোৱাৰ হেঁপাহত তলবল তলবল হৈ উঠিছিল৷ আৰু কোনো এক ৰাতি, মানুহবোৰে দিন-ভৰ পথাৰত সমস্ত শ্ৰম সঁপি দি আহি ভাগৰত লাল-কাল দি থাকোঁতে মেঘবোৰে প্ৰসৱ বেদনাত নিনাদ কৰিছিল৷ সেই তেতিয়াৰে পৰা যেন থমকি ৰোৱাৰ নাম নাই৷ অলপ পৰ ৰয়৷ আৰু আহে৷ আহে হে আহে৷ খালবোৰ ভৰি আহিল লাহে লাহে৷ লগে লগে মানুহৰ চকুবোৰতো ভৰি আহিব ধৰিলে সংশয়৷
পিছে কয় নহয়, বোলে ঈশ্বৰ আছে৷ সঁচা কথা দেই৷ এই সমস্ত কথা ৰাণাহঁতৰ ঘৰৰ কাঁথিত চাৰি জীয়েকৰ সৈতে মাণিক বুঢ়াৰ বুঢ়ীয়ে আলচি আছিল৷ ঠিক তেতিয়াই বৰষুণ পাতলি আহিছিল৷ চকুৰ সমুখৰ পৃথিৱীৰ এমূৰে আকাশ মেঘৰ কবলৰ পৰা মুকলি হৈ পোহৰ পোহৰ হৈছিল৷
– ‘ইবাৰ মাছ হ’ব’ কিন্তু৷ খালগিলাত মাছ সুম’ইছি৷’ বুঢ়ীয়ে উশাহ নসলোৱাকৈ কৈ উঠিল, ‘দে তপনৰ মাক, তামোল এখান দি৷ ৰান্ধ্‌বাৰ পৰ হ’ব’ আৰ্‌৷’ সেই সময়তে বিতুৰ বাপেকে ৰাণাৰ চোতাল খুপি খুপি পাৰ হ’ব লাগিছে৷ – ‘অ’ বাপা, ক’ক যাৱ হা?’ চাৰিযোৰ চকু উন্মুখ হৈ উঠিল৷
–‘এ আহোঁ ৰ’বা৷ মাটিৰ বুক’ৰ পানী জুখি আহোঁ৷’ কৈ কৈ বিতুৰ বাপেকে সাৱধানে চোতাল পাৰ হয় আৰু বাৰী-পিছৰ গো-বাট লয়৷ – ‘এহ্‌ ৰহ্‌’ মই আহোঁ৷’, বুলি য’ৰে তামোল ত’তে এৰি বুঢ়ী সাউত কৰে উঠি আহিল৷ 
পথাৰত পানী অলপ হৈছে৷ বাঢ়ি অহা কঠীয়াৰ ডিঙি চোওঁ চোওঁ৷ বুঢ়ীয়ে বিতুৰ বাপেকৰ সৈতে একেবাৰে পানীৰ জোখ ল’বলৈকে আহিল৷ দৰাচলতে বুঢ়ীৰ মনৰ জোলোঙাৰ পৰা টপককৈ বুধি এটা সৰকি পৰিছিল৷ বুঢ়াই যে আজি ৰে’ল লাইনৰ সিটো পাৰৰ বড়ো চুবাত সিটুপি ধৰি আহিব, সেয়া ধূৰূপ৷ ইফালে ঘৰতো চাউলকেইটাৰ বাহিৰে আন একো নাই৷ বিতুৰ বাপেকে কিজানিবা দিয়েই দুটামান দালি, দুটা আলু৷
‘হওক তেও, পানী যি হিচাপৰ খেনি আইছি৷ এই ভাজে এল্‌লি হয় আৰ৷’, বুঢ়ীয়ে বিতুৰ বাপেকৰ মুখৰ ফালে চাই কৈ উঠিল৷
– ‘তাকেতো৷’
–‘তুহাৰ মাই ভাত-পানী ৰান্ধ্‌ছি না৷’ বুঢ়ীয়ে ছেগ বুজি কথা উলিয়ালে৷
– ‘অ’ ৰান্ধবা গেইছি৷ জাল এ পাত্‌বা লাগ্‌ছিল৷’
– ‘মাছ হ’ব’ ইবাৰ প’থ্‌ৰ’ত৷’
– মাগুৰহে লাগ’বা লাগ্‌ব’ জালত৷
পথাৰৰ ৰেহ-ৰূপ চাই বাঁহনিৰ মাজৰ বাটেৰে দুয়ো কথা পাতি পাতি উলটিব লয়৷ ঠিক তেতিয়া চকা-মকাকৈ দুয়োৰে চকুত পৰিল সিপাৰৰ ধনৰ খাললৈ নামি যোৱা এটা সৰুফুটীয়া মানুহ৷ উৱা, এইটো আকৌ কোন? নে সেই প্ৰাচীন কথাৰ পৰা উঠি অহা গঁহই ধুওৱা পুখুৰীৰ দেও! বিতুৰ বাপেক আৰু বুঢ়ী দুয়ো দুয়োৰে মুখলৈ চালে৷ কেউপিনে নিজম পৰি আছে৷ মাজে মাজে কেৱল গছৰ পাতৰ পৰা বৰষুণৰ পানী সৰাৰ টাপাক্‌-

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0