"দৰকাৰ হ'লে আমি ফুটবলো খেলিম। মেখেলা পিন্ধিয়ে খেলিম। দেখিলে দেখক মতামখাই আমাৰ পোহৰ নেদেখা টিকা… মহাভাৰতখন ভুল হয় যদি হওকচোন।" এনেকৈ কোনে কাক কিয় ক'লে? জানিবলৈ পঢ়ক 'কথা-বন্ধন'।
♦ নৱজিৎ চেলেং
"উঘা ঘূৰাদি ঘূৰে জোন—জীণা।
চিলা উৰাদি উৰে কোন—জীণা।।"
চুবুৰীৰ ল'ৰা-ছোৱালীৰ নতুন খেলখনত এনেকৈয়ে সোমাই পৰে জীণা। কেতিয়াবা জীণাৰ কাণত সিহঁতৰ সুৰ লগোৱা শব্দবোৰ পৰিলে তাই মেখেলা উজাই খেদা এটা মাৰি যায়। কেতিয়াবা হতাশ হয়। আমন-জিমনকৈ পদূলিৰে ঘৰলৈ সোমায়। নহয়নো কি, কি মিছা কৈছেনো সিহঁতে। তাই নিজে নিজক বুজোৱাৰ দৰে বিৰবিৰায়।
কাণিমুনি আন্ধাৰৰ বাট ফালি জীণা দুৱাৰ নামৰ জঁকাটো ঠেলি ভিতৰ সোমায়। ভাগি যোৱা বাঁহৰ কামিৰ দুৱাৰ। জলঙাবোৰ মেৰামতি কৰি থোৱা শুকান টকৌ পাতৰ শব্দটোত মৰিশালীৰ দৰে ভিতৰখন সাৰ পাই উঠে। এই যেন কেকাই উঠিব জৰাজীৰ্ণ ঘৰটোৱে। এই যেন দীঘলীয়া চিৎকাৰত খহি পৰিব মামৰ লগা টিনপাতকেইচলা। আৰু এই যেন সকলো বন্ধ চিঞৰৰ পৰা মুক্তি বিচাৰি জীণাই গাৰ ছাদৰ খুলি বান্ধি পেলাব মুধচৰ কোনোবা এডাল বাঁহত…।
°°°°°°°°°°
বহুদিন হ'ল বৰডেকা হাজিৰালৈ নোযোৱা। এটা খুচিমত জীৱন জীয়াৰ অভ্যাস গঢ়ি পেলাইছে বৰডেকাই। বক নুফুটা জিভাৰে সি যেন চেলেকিহে চাব খুজিছে আৰামপ্ৰিয় জীৱনৰ সোৱাদ। চাইকেল নামৰ লোহা-লংকৰৰ চলন্ত চকৰীটোকে হেপোচি হেপোচি চলাই দিনৰ দিনটো টলৌটলৌকৈ ঘূৰে আৰু ঘূৰে। ঘৰৰ অভাৱ-অনাটনৰ প্ৰতি সেই যি ধাউতি কমিল ফিৰি নাহিল আৰু। মুখৰ মাতৰ দৰে দুখন কৰ্মঠ হাতো দিনে দিনে অথৰ্ব হৈ যায়। সেই কথা জীণাই দেখে। কিন্তু কয় কি, বেঙা বুলি দবিয়াই কেনেকৈ। বিয়া হৈ আহি পোনাই-পজাই লোৱা মানুহটো আকৌ বেঁকা কৰাৰ অন্তৰালৰ মানুহজনী দেখোন জীণা নিজে।
জীণা নিজেও সেই আগৰ জীণাজনী হৈ থকা নাই। ঘৰতে বুঢ়ী হৈ, ককাই-ভাইৰ বোজা হৈ থকাৰ ভয়ত অকৰা-অজলা 'গেহাক' এটাক চমজাই দিয়া জীণাই কপাল বুজি নিজক চম্ভালি লৈছিল। হাতৰ বিদ্যাৰে ঘৰ ধৰিছিল। ৰোৱা-কটা-বোৱাৰে অৰ্জনৰ বাট উলিওৱাৰ লগতে মানুহটোক গত লগাইছিল। চুবুৰীয়াই কৈছিল-জীণাই আহি ভোদাটোকো তৰা সজালে।
পিচে আজিকালি জীণাই আগৰ দৰে তাঁত-সোত নবয়। মন নবহে। অনাই-বনাই ঘূৰি ফুৰে। ঘূৰি ফুৰেনো ক'ত-গোটৰ মেল-মিটিং গাওতেই যায়। পুৱা সাত বজাতে ভাত এটেপা খাই সেই যি ওলাল ঘূৰি আহি ঘৰ সোমাওতে বেলিৰ তিনিবাট। তাতে সঁচৰ নামত ৰৈ যোৱা ছাগলীজনী, চীনা হাঁহ তিনিটা-দুজনী মাইকী আৰু এটা মতা, দুই এটা কামত জীণাই নিজক আঁটি আঁটি বান্ধিব খুজিও বিফল হয়। জীণাৰ দেহ-মন তেনেই চেৰেং-বেৰেং। চুবুৰীটোৰ ইঘৰে সিঘৰে, চোতালে ভিতৰে বহি কথা চোবাই থাকিহে শান্তি পায় দেখোন তাই। কথানো কি, সেই একেবোৰেই। 'লোন-ধাৰ'। ঘৰৰ বেৰৰ ফাঁকেৰে বাঁহনি-হাবিয়নি এই সোমাওঁ এই সোমাওঁ। সোপাকানিটো হাতত লৈ গোবৰ মাটিৰ লেপা এটা মাৰিবলৈ উঠি নাহে মন। আগতে ফু-মাৰি ভাত খাব পৰা আছিল ঘৰৰ মজিয়া। শালৰ কাপোৰ, বাৰীৰ খৰুৱা বেঙেনা দুজোপামান, চীনা হাঁহৰ কণী বেচি বেচি বছৰটো চলে। মানুহটোৱে কথাহে ভালকৈ ফুটাই ক'ব নোৱাৰে হাত দুখনেৰে বাঁহ-কাঠৰ কামবোৰ ঠিকেই কৰে। সপ্তাহত দুদিন হাজিৰালৈ ওলাই গ'লেও তেল নিমখৰ খৰচটো ওলায়। ঘৰখন কোনোমতে চলে।
°°°°°°°°°°
এইযে ফলকখন দেখিছে— "বৰ- অ-সহায় গোট"— ইয়াৰো এটা কাহিনী আছে। সময়ৰ কাঁচিদৰীয়া হাতে যিখন ফলকক থকা-সৰকা কৰি এই ৰূপ দিছে।
এদিন বৰ আশাৰে এই চুবুৰীৰ মহিলাসকলে আত্ম-সহায়ক গোট এটা খুলিছিল। নাম দিছিল "বৰদৈচিলা আত্ম-সহায়ক গোট"। নামে-কামে বৰদৈচিলা। চম্পাইটো কৈয়ে পেলাইছিল, "নামটো বৰদৈচিলা ৰাখি নাকত তেল দি শুই থাকিলে নহ'ব কিন্তু। খবৰদাৰ, কোনো পিচ হোহুকিব নোৱাৰিবি।" চম্পাৰ কথাবোৰেই তেনেকুৱা- "অতদিনে পৈয়েৰহঁতৰ ঘটনৰ টকালৈ বাট চাই চাই বুজিলি নহয় সিহঁতে যে আমাক কেৱল…।" আটাইমখাই গিৰ্জনি পাৰি হাঁহে।
কোনোবা এজনীয়ে মাজতে কয়- "আমাৰজনে মোক হাকেই দিছিল। এইবোৰ সহায়ক-চহায়ক গোটত সোমাবলে বাদ দে। কি খাবলে পিন্ধিবলে পোৱা নাই। এনেখন ফালিব এইমখাই। বাৰীৰ চুককিটা নেদেখাকে নাতিৰ মুখ দেখিব এতিয়া। পৰকিতি লৰিল আক' ইহঁতৰ।"
চম্পা জকজকাই উঠে, " বন…ৰীজনী!…তোৰ পৈয়েৰক ক'বি, চম্পাই কৈছে বুলি ক'বি, তেতিয়াহে আক' সি লাগ বুলিলেই তোক নচুৱাব পাৰিব। মতাগিৰি দেখুৱাব পাৰিব। সুধিবিচোন তাক, সি কেনেবাকৈ আমি নিজে ঘটা টকাৰে খুচিমত জীলে সিহঁতবোৰৰ চিলিম চিগিব বুলি ভয় খাইছে নেকি…। "
জীণাই এইবোৰত মাত নামাতে। হাঁহেও ৰাজি মাহেও ৰাজি হৈ শুনি থাকে। তাইক মাথোঁ ঘৰ চলাবলে উপায় এটা লাগে। কিমান আৰু বাৰীৰ পাচলি-খাৰধি, গোহালি-গঁড়ালৰ কিটাৰে সংসাৰৰ মৈ টানিব। চম্পাই যিফালেই বাট দেখুৱাই তাই সেই ফালেদিয়েই যাবলৈ সাজু। নহ'বনো কিয়। চম্পাই তাইক বিপদত নেপেলায়। সেই কথা জানে তাই।
চম্পাযে অকল মুখৰী তিৰোতা এনে নহয়, মনটো কোমল, মগজটোও চালাক। কথা ভালকৈ কয় বাবে কামো সিজাব পাৰে সহজে। বাকী কিজনীয়ে তাইৰ সিদ্ধান্তলৈকে পৰ দি থাকে।
চম্পাৰ বুদ্ধিয়েই সিহঁতৰ শেষ সিদ্ধান্ত। আঘোণ মাহত ন খন কাঁচিৰে ধান কাটিলে। মুঠ পচিছ দিন। এশ বিশ টকাকৈ নজনীৰ এদিনৰ পইচাৰে পচিছ দিনক পূৰণ কৰি গোটৰ ভঁৰাল ভৰিল। জানুৱাৰীত তাৰে আকৌ নৈৰ পাৰত প্ৰীতিভোজ এটাও খালে। চম্পা এইবোৰৰো হৰ্তা-কৰ্তা। জুতিয়ে জুতিয়ে গামোচা বলে। বজাৰত বিকিলে। গোটৰ ভঁৰাল টনকিয়াল। ঘৰুৱা হস্কিলে-মস্কিলে গোটৰ আটাইকিজনীয়ে তাৰ পৰাই ধাৰ ল'লে। আনৰ ওচৰত হাত পাতিব লগা নহ'ল— কম কথানে! নিজে ঘটা ধন সেইবোৰ। সময়ত সুতো দিলে, মূলো ঘূৰিল। আকৌ নিজলেকে থাকিল।
ইৰামাইৰ শাহুৱেক ঢুকাওতে গোটৰ পইচাৰে সকাম-শুচি হৈ গ'ল। 'নহ'লে কম আপদখন হ'লহেতেন নে!' —ইৰামায়ে গৰ্বেৰে কৈ ফুৰে।
ইৰামাইৰ মানুহটো হানি হোৱা চাৰি বছৰ পাৰ হ'ল। 'সিবিধ' বেমাৰে পালে। সাধাৰণ মাছৰ কাঁইট বুলি ভাবি থাকোতেই গ'ল। বাটেনো কিহেৰে। ঘৰৰ সাঁচতীয়া সম্পদ কিপদো নৰ'ল। যৌতুকীয়া ঘটি-লুটালৈকে গ'ল। মানুহটো নৰ'ল। এমা-ডিমা দুটাৰ মুখলে চাই ৰৈ গ'ল ইৰা। এসাজ খাই এসাজ লঘোণীয়া পেটেৰে চৌদিশ ধোঁৱা-কোৱা দেখিলে ইৰাই। উদ্ধাৰৰ বাট হৈ আহিল "বৰদৈচিলা আত্মসহায়ক গোট"।
মুঠ এঘাৰজনী সদস্যৰে বৰদৈচিলা জাকৰুৱা হ'ল। চম্পাই ক'লে- "দৰকাৰ হ'লে আমি ফুটবলো খেলিম। মেখেলা পিন্ধিয়ে খেলিম। দেখিলে দেখক মতামখাই আমাৰ পোহৰ নেদেখা টিকা… মহাভাৰতখন ভুল হয় যদি হওকচোন।"
চম্পা সাহসী। কালৈকো কেৰেপ নকৰে। যি কয় চিধাকৈ কয়। খুহুতীয়াকে ক'লেও গাজত লাগি যায়। বেংকৰ মেনেজাৰেও তৌবা-তৌবা দেখে। চম্পা বেংকলৈ গ'লে গোমোঠা মেনেজাৰেও ধেমেলীয়াকে কথা ক'বলে লয়- 'বাইদেৱে কি বা কৈ দিয়ে, ঠিক নাই!'
°°°°°°°°°°
বন্ধন বেংকৰ মেনেজাৰৰ লগত জীণাক চম্পায়ে চিনাকি কৰি দিলে, 'এইজনী তেনেই আজলী ছাৰ। মানুহটোও হেবাং।'
জীণাই ষ্টীলৰ দীঘলীয়া চকীত বহি লাজে-বিজে আচলেৰে ঘাম মচে। মৰাপাটৰ বেগত নিয়া দমকলৰ পানীৰ আইৰণ লগা সেউজীয়া পেপচি বটলৰ পৰা ঘটঘটকে পানী পিয়ে। চম্পাই পাব লগা 'লোন-ধাৰ'ৰ কথা সলসলকে পাতে মেনেজাৰৰ সমুখৰ চকীত বহি। মেনেজাৰে আশ্বাস দিয়ে, 'হ'ব, সোনকালেই হ'ব।'
জীণাই কোনোদিন নেদেখা বেংক নামৰ পকী ঘৰটোৰ চুক-কোণ চাই চাই কথাবোৰ শুনে। বেছিভাগেই মূৰৰ ওপৰেদি গুচি যোৱা ধৰণৰ কথা। নাযাবলে তাইনো আগতে ক'ত শুনিছে এইবোৰ, 'চাভচিটি, ইনটাৰেচ', যিবোৰ চম্পাই ভাওনাৰ বচন মতাদি মাতিছে।
ঘামি-জামি বেংকৰ পৰা ওলোৱালে জীণাক ভোকতকৈও অতপৰে টিপি ৰখা পেচাবৰ ভৰেহে কোঙা কৰে। চম্পাই জকজকাই উঠে, 'মৰতীজনী! তাতে নকলি কিয়। সেইহেনডাল বেংকত প্ৰস্ৰাৱঘৰ নাথাকিবনে।' দুইজনীয়ে হোটেলৰ পিছফালে কামফেৰা কৰি হোটেলতে বুন্দিয়া লাডুৰে গাখীৰৰ চাহ খায়। জীণাই স্বস্তিৰ উশাহ ঘূৰাই চম্পাৰ কাম-কাজৰ আলেখ-লেখ চোৱাৰ লগতে কথাবোৰ বুজিবলেও যত্ন কৰে।
°°°°°°°°°°
চম্পাই বেছিভাগ জীণাকে লৈ যোৱা হয় চহৰলে যাওঁতে। জীণা নতুন নতুন ঘৰবোৰৰ সৈতে চিনাকি হয়। ওপৰলে উঠা মহলীয়া ঘৰৰবোৰৰ চিৰি বগাওঁতে প্ৰথমে যেনেকৈ ভৰি কঁপিছিল লাহে লাহে সেইবোৰো নাইকিয়া হয়। নতুন নতুন মুখবোৰ পুৰণা হৈ যায় জীণাৰ বাবে আৰু কথাবোৰ শাকখোৱা-ভাতখোৱাৰ দৰে হয়। কেতিয়াবা চম্পাই কাষতে বহি তাইকে কথা পাতিবলে কয়। বিশেষকৈ চম্পাই ব্লাউজত সোমোৱাই থোৱা ম'বাইল ফোনটোৱে ভু-ভোৱালে জীণাই চম্ভালি ল'ব লগা হয় কথাৰ আঁত। 'আৰোহন'লৈও চম্পাই লৈ গৈছিল জীণাক। "মেনেজাৰজনে 'লোণ-ধাৰ'ৰ কথাবোৰ ইমান ভালকে বুজাই দিছিল!"— জীণাই কৈয়ে থাকে। আৰু তাৰ পাচত কেতিয়াবা চম্পাৰ অসুখ-আহুকাল হ'লে ইৰা বা কোনোবা এজনীক লৈ জীণা অকলেই গুচি যায় চহৰলে। আগতে চহৰৰ চুক-কোণ নিচিনা জীণাই চহৰীয়া ভিৰত নিজক চম্ভালে, ইৰাক চম্ভালে, আৰু চম্ভালি লয় বেংকৰ কাগজ-পত্ৰৰ ৰছী লগোৱা খাকী ৰঙৰ ফাইল। জীণাই চম্ভালি লয় বাট-পথৰ অশালীন শব্দ আৰু ঠাট্টা-মস্কৰাবোৰো। জীণাই দিনত ঘটা অহেতুক ঘটনাবোৰ আকৌ এবাৰ ৰাতিৰ সপোনতো মিট-মাট কৰি লয়।
সময়ৰ জোখাৰে দিন-ৰাতিবোৰ একে থকাৰ পাচতো, আন্ধাৰ-পোহৰৰ খেলখন নিয়মমাফিক চলি থকাৰ পাচতো, জীণা বা ইৰাৰ ঘৰ আৰু জীৱনৰ শেলাই পৰি গহৰা বন গজা চুক-কোণবোৰলৈ পোহৰ অকণ ফিৰি আহে। জীৱন আৰু যন্ত্ৰনাই তিলযেন সজোৱা কপালৰ ঘামলগা ফোঁটবোৰ আকৌ এবাৰ পাতি পইচাৰ আকাৰ লৈ জিলিকে। অ'ৰ যোৰা ত'ৰ যোৰা মাৰি নিজলে ভয়েলৰ ছাদৰ এখনৰ দামো নৰয়গে। তথাপি জীণাহঁতৰ ওঁঠত লাগি থাকিবলে লোৱা চেপা চেপা হাঁহিবোৰ লৰে, কঁপি কঁপিও লৰে। যেন ক'ৰবাৰ পৰা লাহি মুৱা মাছ একোটাহে 'ভেচেলিন'ৰ মুখ নেদেখা ফটা ওঁঠবোৰলৈ উজাই আহে। সেই বিয়াৰ ৰভা তলিতে শুনা, 'ওলাল জাকি মাৰি পুখুৰীৰ মুৱামাছ…'। হওক তেওঁ এতিয়া আৰু আৰ আগত তাৰ আগত আচল পাতি থাকিব নালাগে। যেন এক স্বস্তি, এক সকাহ যেন। কিস্তিবোৰ দি থাকিলেই হ'ল। ঘৰৰ পৰাই নিয়েহি। পোৱাকিটাৰ বুকুৰ আধাকিটা কিস্তিলৈ ৰাখি ঘৰ-বজাৰ, ল'ৰা-ছোৱালীৰ স্কুল-কিতাপ কোনোমতে চম্ভালি লয়। মাহেকে-পষেকে ব্ৰয়লাৰ মাংস নহ'লে 'বামপ্লেট' মাছ দুটুকুৰাও চৰুত জুৰিব পাৰে।
হাতীৰ পিঠিৰে বাগৰিবলে লোৱা ৰাতিবোৰ ঘড়ীৰ কাঁটাই পুনৰ হাত পাতি লয়। ভেট ফুলৰ পাহিৰ দৰে নৰম হৈ ৰাতিবোৰে অভাৱী সপোনবোৰক সান্তনা যাচে। আৰু দিনবোৰ ইম্মান চুটি চুটি যেন লাগে সিহঁতৰ। এৰা, দিনৰ ৰং-ৰূপ চৰকাৰী লাইটেৰে পোহৰ হোৱা ৰাতিবোৰে সলাই দিয়ে নে 'লোন-ধাৰ' এ কাষলৈ চপাই দিয়া টিভিৰ কাহিনীবোৰে- সিহঁতে ততকে ধৰিব নোৱাৰে…।
আৰু এদিন ৰিৰ্ছাজ শেষ হোৱা অচল টিভিটোলৈ চাই চাই বহি থাকোতে জীণাৰ ওপৰত আকৌ এবাৰ সৰগ ভাগি পৰে। এঘাৰ বছৰীয়া ছোৱালীটি শান্তি হোৱাৰ দিনা আকৌ এবাৰ দিক-বিদিক হেৰুৱায় জীণাই। পেটতে ভৰি-হাত লুকায় জীণাৰ। কি কৰে জীণাই। শালত কাপোৰ নাই, গোহালীত খীৰতি গাই নাই, নাই যি নাই বাৰীত বতৰৰ ফল-মূল এটাও নাই। কিস্তি দিয়াৰো সপ্তাহ পৰিছে। জীণা বাউলী হয়। বতাহে পাক মাৰি ধৰে জীণাৰ আউল-বাউল কুটুলা চুলিৰ পাট।
চম্পাই বুজায়, 'হালি নপৰিবিচোন ৰ। কিবা এটা হ'ব। মিনতিৰ নামতে ল'ব পাৰ দেখোন টকা পঞ্চাশ হাজাৰ। নিজৰ নামটো তোৰ টেঁটু গুৰিলৈকে ধাৰ। মাহেকত দুটাকৈ কিস্তি। পাৰিবিনে চম্ভালিব অতবোৰ ভাৰ?'
চম্পাই বুজনি দিয়ে নে 'টেটু গুৰিলেকে ধাৰ' বুলি কৈ আগলে কি হ'ব তাৰে সোঁৱৰণি পাঠ কৰে। ধৰাটো জানো সহজ- ইমান সৰল শব্দৰ সিমান জটিল কথাৰ আঁত।
চম্পাৰ ঘৰৰ কেঞা বনে ছাটি ধৰা চোতালত জীণাৰ বিলাপ, চম্পাৰ বুজনি। আৰু কিছু নিৰৱতাৰে বৈ অহা এধাৰি পানী যেন চম্পাৰ এই বিকল্প সন্ধান। যেন হাত পাতি, মুখ জোঙা কৰি, চলু চলুকৈ পিব জীণাই মৰুভূত পুং দিয়া সেই লাহী জল।
টেন্ট, ব্ৰয়লাৰ মাংসৰ ভাত আৰু উদুলি-মুদুলিৰ মাজত কাঞ্চিপুৰম পাটৰ সাজত ৰভা তলত বহি থকা নিজৰ কন্যাৰ 'কইনা-কোলা' লয় জীণাই। ইৰা, চম্পাহঁতে খিলখিলনি আৰু পিঠাগুৰিৰ মেক-আপেৰে জীণাক ভাৱৰীয়া সজাই চং দিয়ে। মাক হোৱাৰ গৌৰৱেৰে জীণাৰ এটা দিন পাৰ হয়।
দিনৰ লৰা-ঢপৰাই জীণাৰ কঁকালত ৰাতিলৈ শাল এডাল মাৰে। জীণাই পকিবলৈ ধৰা কঁঠাল এটাৰ ছবি আঁকি আঁকি সপোনতে কেঁকাই- "মাজনী মোৰ ভৰি কোটেকোটায়…।"
সপ্তাহযুৰি গোটৰ আটাইকিজনী য'তে লগ হয় এবাৰলে হ'লেও জীণাৰ চোতালত হৈ যোৱা বিয়াখনৰ কথা উনুকিয়াই, "বিয়াৰ মাংসৰ জোলকণ বৰ সোৱাদ হৈছিল, তাইকযে কাপোৰ সাজৰ ৰংটোৱে বৰ চাজিছিল, হেৰি নহয়, বামুণৰ ঘৈণীয়েক নাহিল হ'বলা…ইত্যাদি।" আৰু সপ্তাহ শেষত জীণাই কিস্তিৰ বাবে যৌতুকীয়া বাকচত থকা গামোচাৰ জাপৰ পৰা নোট দুখনমান লিখি লিখি উলিয়াই হিচাপ এটা কৰি চায়- এসপ্তাহ, দুসপ্তাহ…।
মাত্ৰ ছটা সপ্তাহতে উদং হোৱা বাকচৰ ধনে জীণাৰ বুকুত টকটকায়। মূৰত ঢকঢকায় আৰু জীণাৰ খোজবোৰ টোপনিত খোজকঢ়া মানুহৰ দৰে চম্পাৰ ঘৰৰ দিশে আপুনা-আপোনি গুচি যায়।
'থ হেৰ' কি কথাবোৰ ক’ৱ তই? আৰু ক'ৰ পৰা ধাৰগাল পাবি তই। আগৰটোকে চিগা নাই। সেইটো মিনতিক বুজাই-বঢ়াই লৈ দিলো যেনেতেনে। এতিয়া আক' তই তাইক বিপদত নেপেলা। মিনতিৰ গিৰিয়েকৰ কথা জানই নহয়।'
জীণায়ো জানে মিনতিক তাই বিপদত পেলাব নোৱাৰে। আগত মিনতিৰ ল'ৰাটোৰ মেট্ৰিক পৰীক্ষা আহি আছে। গিৰিয়েকৰ কথা নকলেইবা।
'হো। অহা সপ্তাহৰ কিস্তিটো ৰাখ। সেই কিটাই আছিল সাঁচলে-ভাৰলে। সোনকালে ঘূৰাবি। নহ'লে আক' মই বিপদত পৰিম।'
চম্পাৰ হাতৰ পৰা টকাকিটা লওঁতে জীণাৰ হাত কঁপে। বহাৰ পৰা উঠোতে জীণাৰ ভৰি কঁপে। আৰু ব্লাউজৰ ভিতৰত টকাকিটা গুজি দিওঁতে কঁপি উঠে জীণাৰ অপুষ্টিৰ দিনতো নুশুকোৱা বুকু।
সাতদিনীয়া ভাৰ খহাই জীণা আকৌ বহে হিচাপত। কাক ক'ব, কোনে দিব। ইৰা, কণমাই… নে …ধানকে দাই দিম, ভূঁইকে ৰুই দিম বুলি লিখেশ্বৰ মাষ্টৰৰ ঘৰত…?
°°°°°°°°°°
তাৰ পাচত জীণা আৰু জীণা হৈ থকা নাই। না আগৰ জীণা না পাচৰ। অৰ্থনীতিৰ 'অ' বুজি নোপোৱা জীণা আৰ্থ-সামাজিক ভূগোলত যেনি তেনি সুঁতি সলাই নিজস্বতা হেৰুওৱা নদী এখনহে যেন। বিহ্বল, শুকান, ভাৰাক্ৰান্ত। এখন নিমাওমাও ঘৰ। ঘৰৰ ভিতৰত তিনিটাকৈ চিন্তাই মৰহোৱা দেহ। লঘোণীয়া পেট। টোপনি নহা চকু। বিছনাত ঘনাই বাগৰ সলোৱা শব্দ। খচমচনি। ধৰফৰনি। আৰু কিছু অস্ফুট চিঞৰ।
এতিয়া আৰু ইমানখিনিতে শেষ হয় জীণা নামৰ জীয়া কাহিনী এটাৰ কাহিনী। কস্মিনকালেও কাহিনী হ'ম বুলি নভবা এই আওহতীয়া চৰিত্ৰৰ কাহিনীটো যিদিনাখন কথকে লগ পালে সেইদিনা আৰু জীণা নামৰ কোনো নাৰী এই পৃথিৱীত নাই। অৱশ্যে এটা শৰীৰ আছে। যাৰ নাম কি আছিল সেইকথা সেই শৰীৰেও নাজানে।
°°°°°°°°°°
আজিকালি পোতাবিল গাঁৱৰ ল'ৰা ছোৱালীবোৰে এটা নতুন খেল খেলিবলৈ লৈছে। নাম, "বন্ধন-বন্ধন"। ছোৱালী কেইজনীয়ে মাকহঁতৰ ছাদৰ-মেখেলা পিন্ধি আত্ম-সহায়ক গোটৰ হৈ কাম কৰে। ল'ৰা কেইটাই ঘূৰণীয়াকৈ মাটিত বহি কাজি নেমুৰ পাতেৰে তাচপাত খেলে। ছোৱালীকিজনীয়ে ল'ৰা গিৰিয়েককিটাক ৰান্ধি-বাঢ়ি, খোৱাই-বোৱাই চহৰলে ওলাই যায়। ইজনীয়ে সিজনীক কয়, "বন্ধন বেংকৰ 'লোন-ধাৰ' এটা ল'ব লাগে।" কাৰণৰ নামত কোনোবাই কয়, "ল'ৰাটোক বাইক এখন লৈ দিব লাগে।" আন কোনোবাই কয়, "নাতিনীটোৰ অন্নপ্ৰশনত সোণৰ চেইন এডাল কৰাই দিব লাগে।" সিহঁতে খেলখন ইমান পাকৈতকৈ খেলে যে ধৰা টান সেয়া আচলতে খেল নে নাটক। নাটক নে বাস্তৱ। নে কোনোবা এটা জীয়া কাহিনী কিংবদন্তি হৈ যোৱাৰ পাচৰ কাহিনী।
ইহঁত আটাইবোৰৰ পৰা আকৌ কিৰিটীৰ আজলী জীয়েকজনী অলপ বেলেগ। তাই আনকিজনীৰ দৰে ছাদৰ-মেখেলা ভালকৈ সামৰিব নাজানে। মেখেলাখনৰ কোনোবাটো ফাল দাং খাই থাকে। কোনোবাটো আকৌ মাটিত চুচৰি যায়। ছাদৰখন কান্ধৰ পৰা খহি খহি পৰে। তাইৰ এই কাণ্ড দেখি আনকিজনীয়ে হাঁহে অথবা হেবাং বুলি গালি পাৰে তাইক। তাইৰ কিন্তু সেইবোৰলৈ ভ্ৰুক্ষেপ নাই। তাই অকলে অকলে নিজৰ মাজতে খেলে আৰু কথা পাতে। হাঁহেও। আৰু কিৰিটীৰ জীয়েকলৈ আঙুলিয়াই বাকী কিজনীয়ে খিলখিলাই হাঁহে, "ৱ, এইজনীলে চা।"
কাজিনেমুৰ পাতেৰে তাচ খেলাত ব্যস্ত হৈ থকা ল'ৰাজাকৰ মাজৰ পৰা কোনোবা এটাই চিঞৰ লগায়, "ওৱা, এইজনী দেখোন সাইলাখ জীণা। জীণা পাগলী।" আৰু কিৰিটীৰ জীয়েক অলকাই কান্দি কান্দি মাকৰ ওচৰলে দৌৰ ধৰে।