11
Jul
2021

দৰং - অসমত এফালে ক'ভিড আনফালে বান ৰ তাণ্ডৱ আৰু ভূতৰ ওপৰত দানহ পৰাদি আৰম্ভ হৈছে চুলাই মদৰ ৰমৰমীয়া বেহা ৷ সাম্প্ৰতিক সময়ত চুলাই মদৰ ঘাটিবোৰে ক'ভিড ৰোগৰ সংক্ৰমত এক বিশেষ ভূমিকা পালন কৰিছে ৷
ক'ভিড সংক্ৰমণ ৰোধিবলৈ চৰকাৰে চুলাই মদৰ ঘাটিবোৰ উচ্ছেদ কৰিবলৈ প্ৰশাসনক ইতিমধ্যে কঠোৰ ভাৱে নিৰ্দ্দেশ দিছে ৷ ক'ভিডৰ এনে পৰিস্থিতিৰ মাজতেই দৰং আৰু ওদালগুৰি জিলাৰ দাঁতি কাষৰীয়া অঞ্চল সমূহত চুলাই মদৰ ঘাটিবোৰত মুকলিকৈ ৰমৰমীয়া বেপাৰ চলাই আছে।
চুলাই সেৱনকাৰী সকলে কোনো সামাজিক দূৰত্ব মানি চলা নাই আৰু মাস্ক পৰিধান নকৰাকৈ সান্ধ্য আইনৰো নিয়ম ভংগ কৰি দিনে-ৰাতিয়ে মুকলিকৈ চুলাই সেৱন কৰা পৰিলক্ষিত হৈছে । এই ক্ষেত্ৰত ৰাইজ সজাগ নহলে সমাজ ভয়ঙ্কৰ দিশলৈ গতি কৰি আছে ৷ উঠি অহা প্ৰজন্মৰ বাবে ই এক ভয়ানক দিশ ৷
(দৰং জিলাৰ পৰা স্থানীয় সংবাদ দাতাঃ- বৰ্ণিল বৰুৱা)