![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/IMG-20180902-WA0003.jpg?itok=X_krlC6X)
কাৰ্বি আংলং: বোকাজান মহকুমাৰ হাংজাংলাংছ'স্থিত হাংজাংলাংছ' ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত ১৯ সংখ্যক কাৰ্বি আংলং জিলা চাব এছোচিয়েশ্যন মহিলা ফুটবল প্ৰতিযোগিতাৰ ফাইনেল খেলখন কালি অনুষ্ঠিত হৈ যায় ৷
তুমপ্ৰেং ক্ৰীড়া সন্থা আৰু লাংহিন ক্ৰীড়া সন্থাৰ দলৰ মাজত অনুষ্ঠিত তীব্ৰ প্ৰতিদ্বন্দিতাপূৰ্ণ চূড়ান্ত খেলখনত নিৰ্ধাৰিত সময়ৰ লগতে অতিৰিক্ত সময়তো কোনো এটা দলে গ'ল কৰিবলৈ সক্ষম নোহোৱাত ট্ৰাইবেকাৰৰ জড়িয়তে তুমপ্ৰেং ক্ৰীড়া সন্থাৰ দলে লাংহিন ক্ৰীড়া সন্থাৰ দলক ৩-০ গ'লত পৰাজিত কৰে ৷
বিজয়ী তুমপ্ৰেং ক্ৰীড়া সন্থাৰ দলে চেম্পিয়ন ট্ৰফীৰ লগতে নগদ ২০,০০০ টকা আৰু বিজিত লাংহিন ক্ৰীড়া সন্থাই ৰানাৰ্ছ আপ ট্ৰফী আৰু নগদ ১০,০০০ টকা লাভ কৰে ৷
লাংহিন ক্ৰীড়া সন্থা দলৰ জ্যোস্না বড়োৱে সমগ্ৰ প্ৰতিযোগিতা খনিত দৃষ্টান্তমূলক খেল প্ৰদৰ্শন কৰাৰ বাবে শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰাৰ লগতে তুমপ্ৰেং ক্ৰীড়া সন্থা দলৰ ভাবনা শৰ্মাই চূড়ান্ত খেলৰ শ্ৰেষ্ঠ খেলুৱৈ বঁটা আৰু নগদ ১,০০০ টকা লাভ কৰাৰ বিপৰীতে প্ৰতিযোগিতাখনিৰ শ্ৰেষ্ঠ গ'লকিপাৰৰ বঁটা আৰু নগদ ১,০০০ টকা লাভ কৰে হাংজাংলাংছ' ক্ৰীড়া সন্থা দলৰ প্ৰিঞ্চেছ বে'পীয়ে ৷