কাৰ্বি আংলঙৰ পিতৃ পুৰুষ ছেমচন চিং ইংতিৰ ৭১ সংখ্যক মৃত্যু বাৰ্ষিকী

ডিফুঃ কাৰ্বি আংলং আৰু পশ্ছিম কাৰ্বি আংলঙৰ বিভিন্ন প্ৰান্তত শুকুৰবাৰে জিলা দুখনৰ প্ৰতিষ্ঠাপক আৰু পিতৃপুৰুষ স্বৰুপ ছেমচন চিং ইংতিৰ ৭১ সংখ্যক মৃত্যুবাৰ্ষিকীক জননেতাজনলৈ গভীৰ শ্ৰদ্ধাঞ্জলীলে জ্ঞাপন কৰা হ’য় ৷
ডিফুস্থিত ছেমচন চিং ইংতি সোঁৱৰণি পুৰণি আৰু নতুন পাৰ্কত স্বায়ত্ত শাসিত জিলাখনৰ পিতৃ পুৰুষ গৰাকীৰ প্ৰাতিকৃতিত পুষ্পাঞ্জলী আৰু মাল্যাৰ্পনেৰে শ্ৰদ্ধা নিবেদন কৰে ৷ ডিফু নগৰ সমিতিৰ অধ্যক্ষৰ নেতৃত্বত ৰাহ ক্ৰ' আৰু ৱাৰ্ড কমিচনাৰ সকলে প্ৰয়াত জননেতা গৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰাৰ লগতে ছেমচন চিং ইংতি পুৰণি পাৰ্কৰ মূল কাৰ্যসূচীত ডিফু নগৰ সমিতিৰ অধ্যক্ষ, ৱাৰ্ড কমিচনাৰ সকল আৰু চৰকাৰী বিষয়া কৰ্মচাৰী সকলে অংশ গ্ৰহণ কৰে ৷
উক্ত কাৰ্যসূচীৰ লগত সংগতি ৰাখি সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰা হয় ৷ অনুষ্ঠানত ট্ৰাইবেল কালচাৰেল ৰিচাৰ্ছ চেণ্টাৰৰ হৈ ৰাণী তেৰাঙপীয়ে পিতৃপুৰুষ ছেমচনচিং ইংতিৰ জীৱন পৰিক্ৰমা আৰু কাৰ্যকলাপৰ ওপৰত বিস্তৃত ভাবে আলোকপাত কৰে৷ ইয়াৰো পৰি ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাঙ্কণ প্ৰতিযোগিতা অনুষ্ঠিত কৰি কৃতিত্বৰ ভিত্তিত পুৰষ্কাৰ বিতৰণ কৰে ৷