নাবালিকা ছাত্ৰীক নিকাহ কৰাই উধাও টিউচন মাষ্টৰ জেহিৰুল
![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/1%20-%20Copy%20copy.jpg?itok=sk-swVrG)
নগাঁওঃ গুৰু-শিষ্যৰ সম্পৰ্কত এইবাৰ কালিমা সানিলে এগৰাকী শিক্ষকে। নগাঁও জিলাৰ বটদ্ৰৱাত সংঘটিত হৈছে শিক্ষকৰ এই নিৰ্লজ্জ কাণ্ড ৷ এইদৰে পবিত্ৰ শিক্ষকতাৰ বৃত্তিক কলংকিত কৰা শিক্ষক জেহিৰুল ইছলাম ফৰহানী আটী জাতীয় বিদ্যালয়ত কৰ্মৰত আছিল।
জানিব পৰা মতে, এটি সন্তানৰ পিতৃ জেহিৰুল ইছলামৰ পত্নী আৰু সন্তান থকাৰ পিছতো টিউচন কৰা দশম শ্ৰেণীত অধ্যয়ণৰত এগৰাকী ছাত্ৰীৰ লগত গঢ়ি তোলে প্ৰেমৰ সম্পৰ্ক । ইমানেই নহয়, নাবালিকা ছাত্ৰী গৰাকীক শিক্ষক জেহিৰুলে প্ৰেমৰ জালত পেলাই পলুৱাই নি নিকাহ কাৰ্য সম্পন্ন কৰে।
ইফালে, ঘটনা সন্দৰ্ভত ছাত্ৰী গৰাকীৰ পৰিয়ালৰ লোকে বটদ্ৰৱা থানাত এজাহাৰ দাখিল কৰাত শিক্ষক জেহিৰুল ইছলামে ছাত্ৰী গৰাকীক নিকাহ কৰাৰ ১৪ দিনৰ পিছত ছাত্ৰীগৰাকীক এৰি থৈ উধাও হয়। যাক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্র বটদ্ৰৱাত । আৰক্ষীয়ে ছাত্ৰী গৰাকীৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰি নগাঁৱলৈ প্ৰেৰন কৰিছে যদিও শিক্ষক জেহিৰুল ইছলাম বৰ্ত্তমানেও পলাতক ।
গুৰু-শিষ্যৰ সম্পৰ্কত কালিমা সনা এই শিক্ষকজনক আৰক্ষীয়ে অতি শীঘ্রে কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে স্থানীয় ৰাইজে ৷