
গুৱাহাটীঃ দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমী উদ্বোধন কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী, ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা অন্যান্য উপস্থিতসকলে অসম আৰক্ষীৰ গুণানুকীৰ্তন কৰি থকাৰ সময়তে গুৱাহাটীত দেখিবলৈ পোৱা গ'ল অসম আৰক্ষীৰ জঘন্য ৰূপ। লাচিত বৰফুকন একাডেমীৰ উদ্বোধনী অনুষ্ঠান আয়োজন হৈ থকাৰ সময়তে আৰক্ষীয়ে মানৱ অধিকাৰ উলংঘন কৰি বিৰোধী ৰাজনৈতিক নেতাক গ্ৰেপ্তাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। যাৰ বাবে অসম আৰক্ষীয়ে বিজেপিৰ শাখাৰ দৰে আচৰণ কৰিছে বুলি সৰ্বত্ৰে চৰ্চা হৈছে।
অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মুখপাত্ৰ ৰীতম সিঙে সামাজিক মাধ্যমযোগে সময়ে সময়ে শাসনাধিস্থিত বিজেপি দলক চোকা সমালোচনা কৰি অহাৰ লগতে চৰকাৰৰ নীতিকলৈও সৰৱ হৈ আহিছে। টুইটাৰযোগে ৰীতম সিঙে উত্থাপন কৰি অহা বিষয়বোৰ সততে সামাজিক মাধ্যমৰ চৰ্চাৰ বিষয় হৈ পৰাও পৰিলক্ষিত হৈছে। কেৱল মাত্ৰ অসমতেই নহয়, ৰাজ্যৰ বাহিৰতো ৰীতম সিঙৰ টুইট বিশেষভাৱে চৰ্চিত হয়। যাৰ বাবে শাসনাধিস্থিত বিজেপিৰ বাবে চকুৰ কূটা, দাঁতৰ শাল হৈ পৰিছিল প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰগৰাকী।
শেহতীয়াকৈ ৰীতম সিঙে নাৰী নিৰ্যাতন সন্দৰ্ভত টুইটাৰযোগে ন্যায়ালয়ে প্ৰদান কৰা ৰায়ৰ এটা বাতৰি শ্বেয়াৰ কৰি প্ৰশ্ন কৰিছিল যে আইন সকলোৰে বাবে সমান হয়নে? একেটা পোষ্টতে তেওঁ বিজেপি নেতা মানৱ ডেকা, ৰাজেন গোহাঁই আৰু ভৱেশ কলিতাৰ নাম উল্লেখ কৰি তেওঁলোকৰ বিৰুদ্ধে একালত উত্থাপিত হোৱা অভিযোগৰ প্ৰসংগও উল্লেখ কৰিছিল। ইয়াৰ পাছতেই ৰূপনগৰস্থিত ৰীতম সিঙৰ বাসগৃহত উপস্থিত হয় লখিমপুৰ আৰক্ষী। জানিব পৰা মতে মানৱ ডেকাৰ পত্নীৰ এখন এজাহাৰৰ ভিত্তিত ৰীতম সিঙক গ্ৰেপ্তাৰৰ বাবে গুৱাহাটীত হাজিৰ হয় লখিমপুৰ আৰক্ষী।
প্ৰথম অৱস্থাত ৰীতম সিঙৰ বাসগৃহ ঘেৰাও কৰি গৃহবন্দী কৰি ৰাখে কংগ্ৰেছ নেতাগৰাকীক। তেনে সময়তেই ৰীতম সিঙে খিৰিকিৰ ফাঁকেৰে সংবাদ মাধ্যমৰ সন্মুখত বক্তব্য ৰাখি কয়, অসম আৰক্ষীয়ে ন্যায়ালয়ৰ নিৰ্দেশ উলংঘা কৰিছে। উচ্চ ন্যায়ালয়ৰ এটা ৰায়দান হাতত লৈ ৰীতম সিঙে অসম আৰক্ষীৰ স্বেচ্ছাচাৰিতা উদঙাই কয়, মোক গ্ৰেপ্তাৰ কৰিলে ন্যায়ালয়ৰ নির্দেশ উলংঘা হ’ব। ইয়াৰ অলপ সময়ৰ পাছতেই ৰীতম সিঙৰ বাসগৃহত উপস্থিত হয় কংগ্ৰেছ সাংসদ তথা লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈ। কিন্তু গৌৰৱ গগৈৰ উপস্থিতিৰ পাছতো অসম আৰক্ষীয়ে এগৰাকী জনপ্ৰতিনিধিৰ প্ৰতি প্ৰদৰ্শন কৰিবলগীয়া নূন্যতম সৌজন্যতাখিনিও প্ৰদৰ্শন নকৰাৰ অভিযোগ উত্থাপন কৰে খোদ সাংসদগৰাকীয়ে।
গৌৰৱ গগৈৰ উপস্থিতিতেই জঘন্য অপৰাধীৰ দৰে টনা-আজোৰা কৰি ৰীতম সিঙক গ্ৰেপ্তাৰ কৰে অসম আৰক্ষীয়ে। ইয়াৰ পাছতে সংবাদ মাধ্যমৰ সন্মুখত গৌৰৱ গগৈৰ ভাষ্য, মানৱ ডেকা ভগৱান নহয়। মানৱ ডেকাৰ বিৰুদ্ধে কিয় টুইট কৰিব নোৱাৰি? অসম আৰক্ষীক মুখ্যমন্ত্ৰীয়ে অবৈধ কাম কৰাইছে বুলি অভিযোগ উত্থাপন কৰি গৌৰৱ গগৈয়ে কয়, অসম আৰক্ষীক ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হৈছে। গৌৰৱ গগৈৰ মন্তব্য, আৰক্ষীৰ হাতত ৰীতমক গ্ৰেপ্তাৰ কৰাৰ কোনো ৱাৰেণ্ট নাই, আনকি তেওঁক কোনো জাননীও দিয়া হোৱা নাছিল। তেওঁৰ ঘৰলৈ পুলিচ অহা বুলি জানি মই নিজেই তেওঁৰ ঘৰলৈ গ’লোঁ৷ মোৰ সন্মুখতেই ৰীতমক আৰক্ষীয়ে টানি লৈ যায়। আৰক্ষীয়ে মোক ৰীতমৰ লগত কথা পতাৰো সুযোগ নিদিলে।
যিহেতু এই সমগ্ৰ ঘটনা ঘটি থকাৰ সময়ত দেৰগাঁৱৰ পুলিচ একাডেমীত উপস্থিত আছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। যাৰ বাবে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে ছ’চিয়েল মিডিয়াত অমিত শ্বাহক উদ্দেশ্যি লিখে, ‘অমিত শ্বাহে জানেনে যে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যৰ আৰক্ষী প্ৰশাসনৰ অপব্যৱহাৰ চলি আছে? অমিত শ্বাহে জানেনে কিছুদিন পূৰ্বে বিজেপিৰ একাংশ গুণ্ডাই দিন-দুপৰতে এজন কনিষ্টবলক নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল। কিন্তু সেই ঘটনাৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ অসম আৰক্ষীয়ে এতিয়াও কাকো গ্ৰেপ্তাৰ কৰা নাই। কিন্তু অসম আৰক্ষী বিৰোধী নেতাৰ বিৰুদ্ধে বৰ্বৰ।' আনফালে ঘটনাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই। ৰীতম সিঙক বৰ্বৰোচিতভাৱে গ্ৰেপ্তাৰ কৰা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই।
বৰাই এক বিবৃতিত কয় যে সামাজিক মাধ্যমত দিয়া এটা মানহানি গোচৰৰ ওপৰত ভিত্তি কৰি আৰক্ষীয়ে সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰাৰ দৰে বিশাল বাহিনীক লৈ গুৱাহাটীৰ ৰূপনগৰৰ ৰাইজক সন্ত্ৰস্ত কৰি প্ৰায় ৪ ঘণ্টা সমগ্ৰ এপাৰ্টমেণ্টটো ঘেৰাও কৰি এজন অধিবক্তাক গ্ৰেপ্তাৰ কৰা ঘটনা নজিৰবিহীন। কংগ্ৰেছ নেতা-কৰ্মীসকলে চৰকাৰৰ দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ উদঙাই দি ৰাইজক সজাগ কৰাৰ চেষ্টা অব্যাহত ৰখাৰ বাবে ৰীতম সিঙৰ বিৰুদ্ধে এইধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা বুলি বৰাই উল্লেখ কৰে আৰু আৰক্ষীক বিজেপি দলৰ এজেণ্ট হিচাপে কাম নকৰিবলৈ আহ্বান জনায়। বৰাই কয় যে বিএনএছৰ ৩৫৬ বি-২ ধাৰাত আৰক্ষীয়ে দুৰ্ধৰ্ষ অপৰাধীৰ দৰে গ্ৰেপ্তাৰ কৰা কাৰ্যক এক ভয়ংকৰ ভৱিষ্যতৰ ইংগিত বুলি বৰাই উল্লেখ কৰে আৰু বিনাচৰ্তে কংগ্ৰেছ কৰ্মীজনক মুক্তি দিবলৈ দাবী জনায়।
উল্লেখ্য যে, ৰীতম সিঙক গুৱাহাটীস্থ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰাৰ পাছতেই লৈ যোৱা হয় লখিমপুৰলৈ। সেয়ে ৰীতম সিঙক গ্ৰেপ্তাৰৰ বিৰোধিতাৰে লখিমপুৰৰ যুৱ কংগ্ৰেছে লখিমপুৰ সদৰ থানাৰ সন্মুখত সন্ধিয়া উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। অসম পুলিচ হায় হায়, হিমন্ত বিশ্ব শৰ্মা চৰকাৰ হায় হায়, হিটলাৰী শাসন নচলিব আদি শ্লোগানেৰে উত্তাল কৰি তোলে সদৰ থানাৰ প্ৰাংগণ। ৰীতম সিঙৰ গ্ৰেপ্তাৰৰ পাছতেই সামাজিক মাধ্যমত প্ৰশাসনৰ এই পদক্ষেপৰ বিৰোধিতাৰে ব্যাপক চৰ্চা আৰম্ভ হয়। বিভিন্নগৰাকী সচেতন ব্যক্তিয়ে প্ৰশাসনৰ এই পদক্ষেপক একমুখে গৰিহণা দিয়াৰ লগতে ৰীতম সিঙৰ মুক্তিৰ দাবী তোলে। অৱশ্যে অসম আৰক্ষীৰ সংস্কাৰৰ কথা কোৱা নেতা আৰু বিষয়াই এই সমগ্ৰ বিষয় কিদৰে গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। অসম আৰক্ষী বিজেপিৰ এটা শাখাত পৰিণত হোৱাৰ অভিযোগক কিদৰে বিভাগীয়ভাৱে নস্যাৎ কৰে, তাৰ প্ৰতিও দৃষ্টি ৰাখিব সচেতন মহলে।