15
May
2017
![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/_e6f1c1e8-393c-11e7-99bd-b9a47f5fadca.jpg?itok=1S2mCXg8)
ডিজিটেল ডেস্কঃ পৰীক্ষা দিবলৈ আহি কৰুণ মৃত্যুক সাৱতি ল’বলগা হ’ল ২ ছাত্ৰই৷ সোমবাৰে পুৱা ৮ বজাত ঘটা এই ঘটনাৰ বিৱৰণি মতে ৭ জন ছাত্ৰ কঢ়িওৱা গাড়ীখন উচ্চ বেগত চলাই নি থাকোতে নিয়ন্ত্ৰণ হেৰুৱাই উৰণীয়া সেতুৰপৰা চিটিকি গৈ তলত পৰে৷
পশ্চিম দিল্লীৰ পঞ্জাৱী বাগ এলেকাত ঘটা এই ঘটনাত ২ জন থিতাতে নিহত হোৱাৰ লগতে আন ৫ জন গুৰুতৰভাৱে আহত হৈ পৰে৷ দুৰ্ঘটনাগ্ৰস্ত বাহনখন চেপেটা হৈ পৰাৰ ফলত আহতকেইজনক উলিয়াবলৈ আৰক্ষীক আধা ঘণ্টাৰো অধিক সময় লগা হয়৷
ৰজত নামৰ ১৮ বছৰীয়া ছাত্ৰই বাহনখন চলাই গৈছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে৷ আহতসকলৰ ভিতৰত দুগৰাকী ছাত্ৰীও আছে৷