![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/DZmozULU8AAvLDk.jpg?itok=iQLMIzON)
ডিজিটেল ডেক্সঃ পৰীক্ষাৰ শেষৰ ফুৰিবলৈ যোৱাৰ পৰিকল্পনা হ’ল নষ্ট৷ মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ এনট্ৰেন্স পৰীক্ষাৰ দিনচাপি অহাৰ সময়তে পুনৰ মানসিক আৰু শাৰীৰিক কষ্ট কৰিব লগা হ’ল৷ কিয়নো পুনৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাব লগা হৈছে৷
আকৌ এটা পৰীক্ষাৰ মুখামুখি হোৱাৰ ভয়ে জৰ্জৰিত কৰিছে সমগ্ৰ দেশৰে চিবিএছইৰ অধীনত দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত বহা প্ৰাৰ্থীসকলক।
আনৰ ভুল আৰু অপকৰ্মৰ বাবে দুৰ্ভাগ্যজনকভাৱে মানসিক কষ্ট ভোগীবলগীয়া হৈছে কম বয়সীয়া ছাত্ৰ-ছাত্ৰীসকলে কি কয়....
আউজাস্বী মাকেন, দশম শ্ৰেণী আৰু দিল্লী কংগ্ৰেছৰ মুৰব্বীৰ পুত্ৰঃ
আমি সঁচাকৈ বৰ বেয়া পাইছো। গণিতৰ কাকত ফাদিল হোৱা বুলি চিবিএছইৰ অধক্ষ্যই পৰীক্ষাটো হোৱাৰ এদিন আগতেই জানিছিল।
কাকতখনৰ পৰীক্ষাটো তেতিয়াই বাতিল কৰিব পাৰিলেহঁতেন। আমাৰ বহুতে বন্ধত ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিছিল। সকলো খেলিমেলি হৈ গ’ল।
বনশিকা, দ্বাদশ শ্ৰেণীঃ
প্ৰথম কথা, কৰ্তৃপক্ষই প্ৰশ্ন কাকত ফাদিল নোহোৱাটো সুনিশ্চিত কৰিব লাগে। আমি কিয় ভূক্তভোগী হ’ম আৰু একে পৰীক্ষাকে দুবাৰ দিম?
প্ৰশ্ন কাকতখন ইমান ভাল আছিল আৰু এতিয়া আকৌ প্ৰস্তুতি চলাব লাগিব। লগতে, চিবিএছইয়ে ঘোষণা কৰা পৰীক্ষাৰ তাৰিখৰ সৈতে মই দিম বুলি ভাবি থোৱা ফিল্ম মেকিঙৰ এনট্ৰেন্স টেষ্ট ওপৰা ওপৰি হ’ব।
সোমাশ্ৰী বনিক, কলকাতাৰ চিবিএছইৰ ছাত্ৰীঃ
ৰাজ্যৰ জইন্ট এনট্ৰেন্স ব’ড ইঞ্জিনিয়াৰিং পৰীক্ষা ২২ এপ্ৰিলত অনুষ্ঠিত হ’ব। ২৫ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া ইকনমিক্সৰ পুনঃ পৰীক্ষাৰ আৰু গুৰুত্বপূৰ্ণ এনট্ৰেন্স পৰীক্ষাৰ প্ৰস্তুতি এজন ছাত্ৰই একেলগে কেনেকৈ কৰিব চিবিএছইয়েই দিয়কচোন?
নিখিল, দ্বাদশ শ্ৰেণী, আৰ্মি ইন্টাৰনেচনেল স্কুল, গুৰগাঁওঃ
মই প্ৰতিদিনে ১৬ ঘন্টাকৈ প্ৰস্তুতি চলাওঁ। তাৰ পাছত যদি গম পাওঁ প্ৰশ্ন কাকত ফাদিল হৈছে, তেন্তে কি অৱস্থা হ’ব অনুমান কৰক।
পুনৰ পাতিবলগীয়া পৰীক্ষাটো যে বেমেজালিমুক্ত হ’ব তাৰ কি নিশ্চয়তা আছে? আমাৰ ব্যৱস্থাটোৱে ত্ৰুটিপূৰ্ণ, শিক্ষাৰ্থীৰ ভুল কি?
স্নেহা আগৰৱালা, ডিপিএছ, গুৰগাঁওঃ
পৰীক্ষাৰ আগ নিশা ১৬,০০০ টকাত আৰু পৰীক্ষাৰ দিনা ললে ৩০০০ টকাত প্ৰশ্ন কাকত বিক্ৰী হোৱা বুলি গম পাইছিলো। এয়াই আমাৰ দুখজনক অৱস্থা।