12
Oct
2017
![internet internet](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/40a76628217616b0aa04e1f4b1aad753.jpg?itok=0SIn9Wrc)
internet
তুলসীবাৰী/ৰঙিয়াঃ ঢোলকুছিত সত্যকাম সংঘ আৰু যুৱ সমন্বয় উন্নয়ন সমিতিৰ উদ্যোগত স্থানীয় সংঘৰ খেল পথাৰত চলি থকা ধাৰেশ্বৰ দাস আৰু নৰেশ্বৰ দাস সোঁৱৰণী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ আজিৰ চতুৰ্থ কোৱাৰ্টাৰ ফাইনেল খেলখন অনলাইন এফ চি আৰু ঢোলকুছি ট্ৰাইবেল সংঘৰ মাজত অনুষ্ঠিত হয়।
উত্তেজনাপূৰ্ণ খেল খন ১১ গলত ড্ৰ হোৱাত ট্ৰাইবেকাৰ পদ্ধতিত ৪২ গলত ঢোলকুছি ট্ৰাইবেল সংঘ জয়ী হৈ ছেমিফাইনেলত প্ৰৱেশ কৰে। খেলখন পৰিচালনা কৰে ৰেফাৰী জয়ন্ত মাধৱ কলিতা, পহৰেদ আলী আহমেদ, সতীশ ডেকা আৰু কমল বড়োৱে।