![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/Gaurav-himanta.jpg?itok=fwJDzDYE)
অসমৰ ৰাজনীতিত পুনৰ তুংগত উঠিছে সাংসদ গৌৰৱ গগৈ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংঘাত। অসমৰ এই দুই প্ৰতিদ্বন্দ্বী নেতাৰ আক্ৰমণ-প্ৰত্যাক্ৰমণে গৰম কৰি ৰাখিছে ৰাজ্য তথা দেশৰ ৰাজনীতি। সাংসদ গৌৰৱ গগৈৰ বিদেশী পত্নীৰ ভাৰতীয় নাগৰিকত্বক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশ্ন আৰু পাকিস্তানী চোৰাংচোৱা সংস্থাৰ সৈতে সম্পৰ্ক থকা বুলি উত্থাপন কৰা গুৰুতৰ অভিযোগে ইতিমধ্যে ছ’চিয়েল মিডিয়াতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তথা ৰাজ্যৰ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈয়ে ২০১৫ চনত পাকিস্তান উচ্চায়ুক্তৰ সৈতে কৰা এক বৈঠকৰ উদ্ধৃতি দি গগৈ আৰু তেওঁৰ পত্নী এলিজাবেথৰ পাকিস্তানৰ সৈতে সম্পৰ্কক লৈ প্ৰশ্ন উত্থাপন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ কথাত সুৰ মিলাই শেহতীয়াকৈ কংগ্ৰেছ সাংসদগৰাকীৰ বিৰুদ্ধে সৰৱ হৈছে বিজেপিৰ আই টি চেল আৰু গৌৰৱ ভাটিয়াৰ দৰে নেতাও।
অন্যহাতে মুখ্যমন্ত্ৰী আৰু বিজেপিৰ এই অভিযোগ ভিত্তিহীন বুলি প্ৰত্যুত্তৰ দিছে গৌৰৱ গগৈয়ে। পাকিস্তানৰ উচ্চায়ুক্তৰ সৈতে যিখন বৈঠকৰ দোহাই দি মুখ্যমন্ত্ৰীয়ে তেওঁক আক্ৰমণৰ লক্ষ্য কৰি লৈছে, সেই বৈঠকৰ আঁৰৰ সৱিশেষো ইতিমধ্যে ৰাজহুৱা কৰিছে সাংসদগৰাকীয়ে। কিন্তু ইমানৰ পিছতো পৰিস্থিতি শান্ত হোৱা নাই। অব্যাহত থকা আক্ৰমণ-প্ৰত্যাক্ৰমণৰ মাজত আকৌ নতুনকৈ গগৈক জবাবদিহী কৰাৰ চেষ্টা চলাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তদুপৰি গগৈৰ এই প্ৰসংগ অহা ১৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া অসম কেবিনেটৰ বৈঠকতো উপস্থাপন কৰা হ’ব বুলি টুইটযোগেই ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই।
আচলতে কি অভিযোগ মুখ্যমন্ত্ৰীৰ?
দৰাচলতে ছিংগাপুৰ ভ্ৰমণৰ পৰাই এই বিতৰ্কৰ সূচনা কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিদেশ ভ্ৰমণৰ ব্যস্ত সময়সূচীৰ মাজতে তেওঁৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছিল সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী এলিজাবেথ। ১২ ফেব্ৰুৱাৰীত শৰ্মাই এক টুইটত উল্লেখ কৰে যে যদি কোনো আই এফ এছ বিষয়াই বিদেশী নাগৰিকক বিয়া কৰাবলৈ চৰকাৰী অনুমতি ল’বলগীয়া হয় আৰু সংগীয়ে বিবাহৰ ছমাহৰ ভিতৰত ভাৰতীয় নাগৰিকত্ব লাভ কৰিবলগীয়া হয়, তেন্তে সাংসদসকলৰ ক্ষেত্ৰতো একে নিয়ম প্ৰযোজ্য হোৱা উচিত নহয়নে? নাম উল্লেখ নকৰাকৈয়ে গগৈ পত্নীক সাঙুৰি মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন উত্থাপন কৰে যে কিয় এজন সাংসদৰ বিদেশী পত্নীক ১২ বছৰলৈ বিদেশী নাগৰিকত্ব ৰাখিবলৈ দিয়া হ’ল।
একে দিনাই বিয়লি তেওঁ আন এটা টুইটত অভিযোগ কৰে যে কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ দিয়াৰ প্ৰয়োজন আছে। তেওঁ কয় যে পাকিস্তানী চোৰাংচোৱা সংস্থা আই এছ আইৰ সৈতে যোগাযোগ, যুৱক-যুৱতীক প্ৰভাৱিত কৰিবলৈ পাকিস্তানৰ দূতাবাসলৈ লৈ যোৱা, আৰু যোৱা ১২ বছৰ ধৰি ভাৰতীয় নাগৰিকত্ব নোলোৱাৰ অভিযোগ গভীৰ চিন্তাৰ বিষয়। ধৰ্মান্তৰকৰণৰ চক্ৰৰ লগত জড়িত হৈ বিদেশী অনুদান লাভ কৰাৰ অভিযোগো উল্লেখ কৰে। ৰাষ্ট্ৰীয় নিৰাপত্তাৰ স্বাৰ্থত এই সকলোবোৰ বিষয়ত স্বচ্ছ ব্যাখ্যা দিবলৈ দাবী জনায় মুখ্যমন্ত্ৰীয়ে।
কংগ্ৰেছ সাংসদগৰাকীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰা এই সৰৱ চৰ্চাত পৰৱৰ্তী সময়ত জাপ দিয়ে বিজেপিৰ আন আন নেতা-কৰ্মীও। বিজেপি নেতা গৌৰৱ ভাটিয়াই এক ভিডিঅ’ বাৰ্তাত দাবী কৰে যে বিৰোধী নেতাৰ পত্নী এলিজাবেথ কলবৰ্নৰ নাম পাকিস্তানৰ পৰিকল্পনা আয়োগৰ উপদেষ্টা আলী তৌকিৰ শ্বেখ আৰু আই এছ আইৰ সৈতে জড়িত হৈ আছে। তেওঁ কয় যে এই সংযোগ অতি চিন্তনীয় আৰু ই ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে। একে সময়তে তেওঁ দাবী কৰে যে কলবৰ্নৰ সৈতে জড়িত সংস্থাটোৰ ধন জৰ্জ ছ’ৰছে প্ৰদান কৰে। তেওঁ প্ৰশ্ন উত্থাপন কৰে, কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে যেতিয়া কৈছিল যে তেওঁৰ যুঁজ ভাৰতীয় ৰাষ্ট্ৰৰ বিৰুদ্ধে, তেতিয়া গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীয়ে পাকিস্তান আৰু আই এছ আইৰ সৈতে গোপন বুজাবুজি কৰি ভাৰতৰ স্থিতিশীলতাক ভেঙুচালি কৰাৰ পৰিকল্পনা কৰিছিল নেকি?
১৩ ফেব্ৰুৱাৰীৰ পুৱা মুখ্যমন্ত্ৰী শৰ্মাই আন এটা টুইটযোগে দাবী কৰে যে ২০১৫ চনত পাকিস্তানৰ উচ্চায়ুক্ত আব্দুল বাছিতে এজন নৱনিৰ্বাচিত সাংসদ আৰু তেওঁৰ ষ্টাৰ্টআপ ‘ইউথ ফৰাম’ক আমন্ত্ৰণ জনাইছিল। তাত ভাৰত-পাকিস্তানৰ সম্পৰ্কৰ বিষয়ে আলোচনা কৰা হয়। মুখ্যমন্ত্ৰী শৰ্মাই দাবী কৰে যে সেই সময়ত সাংসদজন বৈদেশিক পৰিক্ৰমা সংসদীয় সমিতিৰ সদস্য নাছিল, তথাপিও তেওঁ ৫০-৬০ জন ভাৰতীয় যুৱকক পাকিস্তান দূতাবাসলৈ লৈ গৈছিল। তেওঁ লগতে উল্লেখ কৰে যে সেই বৈঠকৰ পিছত সাংসদগৰাকীৰ ষ্টাৰ্টআপে বি এছ এফৰ ভূমিকা সম্পৰ্কে এটা সমালোচনাত্মক লেখা প্ৰকাশ কৰে। ইয়াৰ উপৰিও সাংসদগৰাকীয়ে সংসদত কিছু স্পৰ্শকাতৰ প্ৰশ্ন উত্থাপন কৰে, য’ত উপকূলীয় ৰাডাৰ ব্যৱস্থা, ভাৰতৰ অস্ত্ৰ কাৰখানা, বিমান প্ৰতিৰক্ষা, ট্ৰেনজিট পথ আদি বিষয়সমূহ অন্তৰ্ভুক্ত কৰা হৈছিল। মুখ্যমন্ত্ৰীৰ দাবী যে সাংসদগৰাকীৰ ব্যক্তিগত জীৱনৰ পৰিৱৰ্তনৰ পিছতহে হঠাৎ এই আগ্ৰহ লক্ষ্য কৰা হৈছিল।
১৩ ফেব্ৰুৱাৰীৰ বিয়লি পুনৰ টুইট কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ অনুমতি আৰু বৈঠকৰ পিছত ডিব্ৰিফিং কৰাটো শত্ৰু দেশৰ ৰাষ্ট্ৰদূতৰ সৈতে ইমান উচ্চ পৰ্যায়ৰ বৈঠকৰ বাবে প্ৰয়োজনীয়। সংশ্লিষ্ট সাংসদগৰাকীয়ে এই নিয়ম মানি চলিছে বুলি আশা কৰিছো, কিয়নো ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰশ্ন ৰাজনীতিৰ ওপৰত হ’ব লাগে।’
১৪ ফেব্ৰুৱাৰীত তেওঁ এখোজ আগুৱাই গৈ দাবী কৰে যে, "পাকিস্তানৰ দূতাবাসত হোৱা সেই বৈঠকৰ পিছৰে পৰা সংশ্লিষ্ট সাংসদগৰাকীয়ে প্ৰতিৰক্ষা আৰু পাৰমাণৱিক সম্পৰ্কীয় স্পৰ্শকাতৰ বিষয়সমূহৰ ওপৰত সংসদত প্ৰশ্ন উত্থাপন কৰিবলৈ আৰম্ভ কৰিছিল। সংসদত উপকূলীয় ৰাডাৰ ষ্টেচনৰ খৰচ আৰু কাৰিকৰী সবিশেষ বিচাৰিছিল, যিটো অতি স্পৰ্শকাতৰ তথ্য। অসমৰ দৰে ৰাজ্যৰ এজন সাংসদ কেৱল উপকূলীয় নিৰাপত্তাৰ প্ৰতি কিয় ইমান আগ্ৰহী? তাকো পাকিস্তানৰ উচ্চায়ুক্তক সাক্ষাৎ কৰাৰ পিছত?"
গৌৰৱ গগৈৰ প্ৰত্যুত্তৰ
মুখ্যমন্ত্ৰী আৰু বিজেপিৰ অভিযোগ আৰম্ভণিৰে পৰাই ভিত্তিহীন বুলি খাৰিজ কৰি আহিছে যোৰহাট সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে। সংবাদ মাধ্যমে তেওঁৰ পত্নীৰ পাকিস্তানী চোৰাংচোৱা সংস্থাৰ সৈতে থকা সম্পৰ্কৰ অভিযোগক লৈ সোধা প্ৰশ্নত গগৈয়ে ধেমেলীয়া সুৰেৰেই কয়, “মোৰ পত্নী যদি আইএছআই এজেণ্ট, তেন্তে মই ৰ’। চিন্তা নকৰিব, শেষত ভাৰতেই জয়ী হ’ব।”
দিলীপ শইকীয়া বিজেপিৰ ৰাজ্যিক সভাপতি হোৱাৰ পিছতে হিমন্ত বিশ্ব শৰ্মাৰ মাটি-সম্পত্তিৰ খবৰ, পিআইএলৰ খবৰ দিল্লীৰ কাণত পৰিছে বুলি মন্তব্য কৰে গৌৰৱ গগৈয়ে। তেওঁ কয় যে সেয়ে ছিংগাপুৰত থাকিও শংকিত হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। যাৰ বাবে এনে কিছুমান অদ্ভূত আৰু অযুক্তিকৰ অভিযোগ উত্থাপন কৰি মানুহক বিভ্ৰান্ত কৰিবলৈ চেষ্টা চলাইছে।
গৌৰৱে কয়, ‘অসমৰ জনসাধাৰণ দেশৰ উন্নয়নমূলক কাম-কাজ আৰু প্ৰশাসনিক কাম-কাজৰ প্ৰতি মনোযোগ দিয়াৰ ক্ষেত্ৰত সচেতন। ৰাইজে কি সঁচা কি মিছা সকলো জানে। গতিকে এনে ভিত্তিহীন অভিযোগ কোনেও মানি নলয়।’
ইফালে, গৌৰৱ গগৈৰ ‘ইউথ ফৰাম অন ফৰেইন পলিচী’ক লৈ মুখ্যমন্ত্ৰী তথা বিজেপিয়ে চলোৱা অপপ্ৰচাৰ আৰু পাকিস্তানৰ উচ্চায়ুক্তৰ সৈতে ফটো শ্বেয়াৰ কৰি সেয়া ভাৰতীয় নিৰাপত্তাৰ বুলি ভাবুকি প্ৰমাণ কৰিব বিচৰাৰ পিছতে এই সন্দৰ্ভত স্পষ্ট কৰি দিয়ে যোৰহাটৰ সাংসদগৰাকীয়ে। তেওঁ সামাজিক মাধ্যমত ফৰামৰ কেইখনমান ফটো আৰু লিংক শ্বেয়াৰ কৰি লিখে, “পাকিস্তানৰ প্ৰাক্তন উচ্চায়ুক্ত আব্দুল বাছিতৰ সৈতে হোৱা এক পেনেল আলোচনাৰ এখন ফটো প্ৰচাৰ কৰি থকা দেখি ২০১১ চনত কেইজনমান বন্ধুৰ সৈতে লগ লাগি মই প্ৰতিষ্ঠা কৰা "Youth Forum on Foreign Policy" নামৰ সংগঠনটোৰ দিনৰ কথাবোৰ মনত পেলাই দিলে।
এনেধৰণৰ এটা ফৰাম গঠন কৰিবলৈ মোৰ মনলৈ প্ৰথম ধাৰণাটো আহিছিল যেতিয়া মই ৰাষ্ট্ৰসংঘৰ নিউয়ৰ্কস্থিত ভাৰতৰ স্থায়ী মিছনত ২০১০ চনত ইন্টাৰ্নশ্বিপ কৰি আছিলো। সেয়েহে ২০১১ চনত মই এনে এটা ফ'ৰাম গঠন কৰিব বিচাৰিছিলো, য'ত ভাৰতীয় শিক্ষাৰ্থী আৰু যুৱ পেছাদাৰীসকলে বৈদেশিক নীতি আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ বিষয়ে আলোচনা কৰিবলৈ সুবিধা লাভ কৰিব পাৰে। বিশেষকৈ ৰাজনীতি বিজ্ঞান অধ্যয়ন কৰা আৰু UPSC পৰীক্ষাৰ প্ৰাৰ্থীসকলৰ বাবে ই অত্যন্ত উপযোগী হিচাপে পৰিগণিত হৈছিল।
Youth Forum on Foreign Policy য়ে ভাৰতীয় কূটনীতিবিদ আৰু বিদেশী ৰাষ্ট্ৰদূতসকলৰ সৈতে আলোচনাৰ আয়োজন কৰিছিল। এনে আলোচনা আৰু মত-বিনিময় অনুষ্ঠানে শিক্ষাৰ্থীসকলক জ্ঞানৰ বিকাশত যথেষ্ঠ অৰিহণা যোগাইছিল।
আমি ভাৰতৰ প্ৰাক্তন বৈদেশিক সচিব শ্যাম চৰণ, প্ৰাক্তন আমেৰিকান ৰাষ্ট্ৰদূত ৰিচ ভার্মা, ইউনাইটেড কিংডমৰ প্ৰাক্তন হাই কমিচনাৰ জেমছ বেভান, প্ৰফেছাৰ চি. ৰাজা মোহন, নন্দন নীলকাৰ্ণী, অৱসৰপ্ৰাপ্ত কূটনীতিবিদ, সংসদ সদস্য, আৰু নেদাৰলেণ্ড, চিংগাপুৰ, ইজৰাইল, অষ্ট্ৰেলিয়া, থাইলেণ্ড,পাকিস্তান আদি দেশৰ ৰাষ্ট্ৰদূতসকলৰ দৰে বিশেষজ্ঞসকলৰ সৈতে সাক্ষাৎ কৰিছিলো।
মোৰ মনত পৰে যে সেই সময়ত আমি আমাৰ দেশৰ বৈদেশিক মন্ত্ৰণালয়ৰ "পাব্লিক ডিপ্ল'মেচি" শাখাৰ সৈতেও সহযোগিতা কৰিছিলো। ২০১১ চনটো আমাৰ বাবে উৎসাহ ভৰা আছিল । কাৰণ আমি সেই সময়চোৱাত দিল্লী, গুৱাহাটী, বাংগালুৰু, মুম্বাই, কলকাতা আৰু চণ্ডীগড়ত কলেজৰ শিক্ষাৰ্থী আৰু যুৱ পেছাদাৰীসকলৰ সহায়ত ফ'ৰামৰ শাখা স্থাপন কৰিবলৈ সক্ষম হৈছিলো।
২০১২ চনত গুৱাহাটীত অনুষ্ঠিত আলোচনা চক্ৰলৈ অৰ্থনীতিৰ নোবেল বঁটা বিজয়ী জোচেফ ষ্টিগলিজক মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ কৰি আনিবলৈ সক্ষম হোৱাতো মোৰ বাবে এক ব্যক্তিগত স্মৰণীয় ঘটনা আছিল।
কিন্তু ২০১৪ চনত মই সংসদ সদস্য হিচাপে নিৰ্বাচিত হোৱাৰ বাবে এই ফ'ৰামৰ সৈতে জড়িত মোৰ কাম-কাজ হ্ৰাস কৰিবলগীয়া হ’ল। সৌভাগ্যক্ৰমে, এদল মেধাবী যুৱক-যুৱতীৰ দলে ফ'ৰামৰ দায়িত্ব লৈ গৱেষণা আৰু ফেল'শ্বিপ কাৰ্যসূচী অব্যাহত ৰাখিছিল। মোৰ ভূমিকা এতিয়া প্ৰায় তেওঁলোকৰ পৰামৰ্শদাতালৈ পৰিণত হৈ পৰিল। তেওঁলোকৰ বহুতে আজি সফল হৈ থকা দেখি মই সন্তুষ্টি লাভ কৰো। স্বাভাৱিকতে, মই বৈদেশিক নীতিৰ প্ৰতি সদায়েই আগ্ৰহী হৈয়েই আছো।
পাকিস্তানী ৰাষ্ট্ৰদূতৰ সৈতে হোৱা আমাৰ সাক্ষাৎকাৰত এটা হাস্যকৰ ঘটনা আছিল যে আমি কেৱল ক্ৰিকেটৰ বিষয়েই আলোচনা কৰা নাছিলো, বৰঞ্চ কোন দেশৰ কাবাব বেচি সুস্বাদু সেই বিষয়েও বাদ-বিবাদ কৰিছিলো!”
ইফালে, গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীক লৈ মুখ্যমন্ত্ৰীৰ অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে প্ৰদেশৰ কংগ্ৰেছৰ আন আন নেতাসকলেও। বিধানসভাৰ বিৰোধী দলপতি দেবব্ৰত শইকীয়াই কয়, যে বিজেপি চৰকাৰে কেৱল অভিযোগ উত্থাপন কৰি বিভ্ৰান্তিৰ ৰাজনীতিত লিপ্ত হয়।
তেওঁ কয়, "যদি এই গোচৰত বিজেপিৰ নেতাসকলে কিবা অবৈধ অনুভৱ কৰিছিল, তেন্তে চৰকাৰ তেওঁলোকৰ। চোৰাংচোৱা যন্ত্ৰকে ধৰি তেওঁলোকৰ হাতত সকলো ক্ষমতা আছে। আচলতে আমাৰ দলৰ নেতাসকলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতি, ভূমি কেলেংকাৰী আৰু ছিণ্ডিকেট কাৰ্যকলাপৰ কথা উদঙাই দি আহিছে। গতিকে এতিয়া তেওঁলোকে সাংসদজনৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন কৰি গৌৰৱ গগৈৰ ভাবমূৰ্তি ৰাইজৰ মাজত কলংকিত কৰিব বিচাৰিছে। কিন্তু তেওঁলোক সফল নহয়।"
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাইও প্ৰতিক্ৰিয়া ব্যক্ত কৰে। তেওঁ কয়, “মুখ্যমন্ত্ৰীয়ে আনৰ পত্নীৰ ওপৰত লাগিয়েই থাকে। মোৰ পত্নীক লৈও মন্তব্য কৰে। মুখ্যমন্ত্ৰীৰ আসনখনৰ এটা মৰ্যাদা থাকে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেই মৰ্যাদাখিনি ৰক্ষা কৰি চলা উচিত।”
প্ৰত্যুত্তৰক লৈ পুনৰ প্ৰশ্ন মুখ্যমন্ত্ৰীৰ
গৌৰৱ গগৈয়ে হিমন্ত বিশ্ব শৰ্মাৰ আক্ৰমণৰ প্ৰত্যুত্তৰ দি ছ’চিয়েল মিডিয়াত পাকিস্তান উচ্চায়ুক্তৰ সৈতে তেওঁৰ বৈঠক আৰু তেওঁৰ সংস্থাৰ কিছু ছবি শ্বেয়াৰ কৰাৰ পিছতে পুনৰ আক্ৰমণাত্মক হৈ পৰে মুখ্যমন্ত্ৰী। এটা টুইটত তেওঁ লিখে, "মাননীয় সাংসদগৰাকীয়ে গণ্যমান্য ব্যক্তিৰ ছবি শ্বেয়াৰ কৰি প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছে যে তেওঁলোকো তেওঁৰ বৈঠকত উপস্থিত আছিল। কিন্তু এই বৈঠকসমূহক পাকিস্তানৰ উচ্চায়ুক্তৰ সৈতে তেওঁৰ ব্যক্তিগত বৈঠক আৰু পৰৱৰ্তী সময়ত তেওঁৰ সংসদীয় প্ৰশ্নৰ সৈতে তুলনা কৰিব নোৱাৰি।"
তেওঁ লগতে এই প্ৰশ্ন উত্থাপন কৰে, "পাকিস্তানৰ উচ্চায়ুক্তৰ সৈতে হোৱা বৈঠক ভাৰত চৰকাৰৰ অনুমতি সাপেক্ষে অনুষ্ঠিত হৈছিল নে? বৈঠকৰ পিছত তেওঁ গৃহ মন্ত্ৰালয় বা বৈদেশিক মন্ত্ৰালয়ক এই বিষয়ে অৱগত কৰিছিল নে?" এই গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ উত্তৰ নিদিয়াকৈ বিষয়টো অন্য দিশলৈ ঠেলি দিয়াৰ প্ৰয়াস কৰা হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে দাবী কৰে। হিমন্ত বিশ্ব শৰ্মাই কয়, জনসাধাৰণৰ দায়বদ্ধতা পৰিহাৰ কৰি মূল বিষয়টোৰ পৰা দৃষ্টি আকৰ্ষণ কৰিবলৈ বুদ্ধিজীৱী আৰু বিশিষ্ট নাগৰিকৰ সৈতে ছবি শ্বেয়াৰ কৰাটো যুক্তিসংগত ব্যাখ্যা হ'ব নোৱাৰে।
কোন গগৈৰ পত্নী এলিজাবেথ গগৈ?
ব্ৰিটেইনত জন্মগ্ৰহণ কৰা এলিজাবেথ গগৈৰ জন্ম নাম হৈছে এলিজাবেথ ক'লবাৰ্ণ। লণ্ডন স্কুল অৱ ইকনমিক্স (এলএছই)ৰ পৰা আন্তঃৰাষ্ট্ৰীয় ৰাজনৈতিক অৰ্থনীতিত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল এলিজাবেথে। ২০১৩ চনত তেওঁ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। বিগত সময়ত তেওঁ ক্লাইমেট এণ্ড ডেভেলপমেণ্ট নোলেজ নেটৱৰ্ক (চিডিকেএন)ৰ সৈতেও জড়িত আছিল। এতিয়া তাক লৈও অভিযোগৰ বন্যা নমাইছে বিজেপিয়ে।
লক্ষ্যণীয়ভাৱে, চিডিকেএনৰ ৱেবছাইটত থকা লেখকৰ প্ৰফাইল অনুসৰি এলিজাবেথ গগৈৰ অন্তিমটো লেখা প্ৰকাশ পাইছিল ২০১৪ চনত। তেওঁ এই সংস্থাটোৰ ভাৰত আৰু নেপাল কাৰ্যসূচীৰ সমন্বয়ক হিচাপে দায়িত্বৰত আছিল। ২০১১ চনৰ মাৰ্চ মাহত তেওঁ চিডিকেএনত যোগদান কৰে আৰু জলবায়ু পৰিৱৰ্তন আৰু উন্নয়ন নীতিৰ ওপৰত গৱেষণা আৰু পৰিকল্পনাৰ সৈতে জড়িত হৈ পৰে।
ইউৰোপীয় সংসদত কাম কৰাৰ সময়ত তেওঁ ২০০৯ চনৰ ইউৰোপীয় ইউনিয়নৰ জলবায়ু পৰিৱৰ্তন পেকেজৰ আলোচনাৰ সৈতে জড়িত আছিল। ইয়াৰ উপৰিও তেওঁ অভাৰচিজ ডেভেলপমেণ্ট ইনষ্টিটিউট (অডিআই)ত গৱেষক হিচাপে কাম কৰাৰ লগতে আমেৰিকাৰ চেনেট, ৰাষ্ট্ৰসংঘৰ সচিবালয়, আৰু বিভিন্ন এন জি অ’ত কৰ্মৰত আছিল।
উল্লেখ্য যে, চিডিকেএনে মূলতঃ জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ বিৰুদ্ধে যুঁজিবলৈ উন্নয়নশীল দেশসমূহৰ সুবিধাৰ বাবে কাম কৰে। ২০১০ চনত প্ৰতিষ্ঠা হোৱা এই সংস্থাটো আফ্ৰিকা, এছিয়া, লেটিন আমেৰিকা আৰু কেৰিবিয়ানত সক্ৰিয় হৈ আছে। বৰ্তমানৰ পৰ্যায়ত (২০২২-২০২৭) চিডিকেএনে স্থানীয়ভাৱে নেতৃত্ব দিয়া, সমতাপূৰ্ণ, আৰু পৰিৱেশভিত্তিক জলবায়ু পৰিৱৰ্তনৰ সঁহাৰিৰ দিশত কাম কৰি আছে। এই প্ৰকল্পটো নেদাৰলেণ্ডৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু কানাডাৰ আন্তঃৰাষ্ট্ৰীয় উন্নয়ন গৱেষণা কেন্দ্ৰ (আইডিআৰচি)ৰ যৌথ পদক্ষেপ হিচাপে চলোৱা হৈছে।
ভাৰতীয় পুৰুষৰ সৈতে বিবাহ পাশত আৱদ্ধ হ’লেই নাগৰিকত্ব লোৱাতো বাধ্যতামূলক নেকি?
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অভিযোগ অনুসৰি, বিবাহৰ ১২ বছৰ সম্পূৰ্ণ হোৱাৰ পিছতো সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথে গ্ৰহণ কৰা নাই ভাৰতীয় নাগৰিকত্ব। সাংসদ পত্নীৰ ভাৰতীয় নাগৰিকত্ব গ্ৰহণ অথবা ৰাষ্ট্ৰৰ প্ৰতি সুৰক্ষাৰ ভাবুকিক লৈ উত্থাপন হোৱা চৰ্চাৰ মাজতে এই কথা জনাটো নিতান্তই প্ৰয়োজন যে এগৰাকী বিদেশী মহিলাই কেতিয়া ভাৰতীয় নাগৰিকত্ব লাভ কৰিব পাৰে?
উল্লেখ্য যে, এগৰাকী বিদেশী নাগৰিক, বিশেষকৈ ভাৰতীয় নাগৰিকৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱা বিদেশী মহিলাই ভাৰতত বাস কৰাৰ লগতে ভাৰতীয় নাগৰিকত্ব লাভ কৰাৰ সময়ত কিছুমান নিয়ম মানি চলিবলগীয়া হয়। প্ৰথমতে ভাৰতত থাকিবলৈ ভিছাৰ প্ৰয়োজন। সাধাৰণতে বিদেশী পত্নীয়ে এন্ট্ৰী এক্স ভিছা লাভ কৰিব পাৰে, যিটো এবছৰৰ বাবে প্ৰদান কৰা হয় আৰু ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ অনুমোদন সাপেক্ষে বছৰি নবীকৰণ কৰিব পাৰি। ইয়াৰ উপৰিও দীৰ্ঘম্যাদী ভিছাৰ বাবে আবেদন কৰিব পাৰি, যাৰ ফলত পাঁচ বছৰৰ পিছত স্থায়ী বাসিন্দা হোৱাৰ পথ মুকলি হয়।
ভাৰতীয় নাগৰিকত্ব লাভৰ ক্ষেত্ৰত নাগৰিকত্ব আইন, ১৯৫৫ৰ ধাৰা ৫(১)(গ) অনুসৰি বিদেশী মহিলাই যদি ভাৰতীয় নাগৰিকক বিয়া কৰাই কমেও সাত বছৰ ধৰি আইনগতভাৱে ভাৰতত বাস কৰি আহিছে তেন্তে নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰিব। অৱশ্যে তেনে বিদেশী মহিলাই নাগৰিকত্ব গ্ৰহণ কৰাটো বাধ্যতামূলক নহয়। বহু লোকে নাগৰিকত্ব নোলোৱাকৈয়ে অ’ চি আই (অভাৰচিজ চিটিজেন অৱ ইণ্ডিয়া) কাৰ্ডৰ বাবে আবেদন কৰে, যাৰ ফলত ভাৰতত অনিৰ্দিষ্টকাল থাকিব পাৰে আৰু ভোটাধিকাৰ তথা আন কেতবোৰ বিশেষ সুবিধাৰ বাদে সম্পত্তি ক্ৰয় কৰা আৰু চিকিৎসাৰ সুবিধা পোৱাৰ দৰে একাধিক সুবিধা লাভ কৰিবলৈ সক্ষম হয়।
যিকোনো বিদেশী নাগৰিকে ভাৰতীয়ৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱাৰ পিছত ভাৰতীয় আইন অনুসৰি নিজৰ বিবাহ পঞ্জীয়ন কৰিব লাগে, যিটো বিশেষ বিবাহ আইন, ১৯৫৪ বা অন্যান্য আইনৰ অধীনত হ’ব পাৰে। ইয়াৰ উপৰিও বৈধ পাছপ’ৰ্ট, ভিছা, বিবাহৰ নথি-পত্ৰ, ভাৰতীয় স্বামীৰ নাগৰিকত্বৰ প্ৰমাণ দাখিল কৰাতো বাধ্যতামূলক। ভাৰতত প্ৰৱেশ কৰাৰ ১৪ দিনৰ ভিতৰত স্থানীয় বিদেশী পঞ্জীয়ন কাৰ্যালয় (এফআৰআৰঅ’/এফআৰঅ’)ত পঞ্জীয়ন কৰাটোও গুৰুত্বপূৰ্ণ।
আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল ভাৰতীয় নাগৰিকৰ সৈতে বিয়াত বহিলেও পোনছাটেই লাভ কৰিব নোৱাৰি ভাৰতীয় নাগৰিকত্ব। নাগৰিকত্বৰ বাবে সুকীয়া আবেদন কৰিবলগীয়া হয় আৰু এই ক্ষেত্ৰত চৰকাৰে নিৰ্ধাৰিত কৰি দিয়া নিয়ম মানি চলাতো প্ৰয়োজনীয়। অ’চিআই কাৰ্ডত নাগৰিকত্ব দিয়া নহ’লেও ইয়াৰ জৰিয়তে বিদেশী নাগৰিকে দীৰ্ঘসময়ৰ বাবে ভাৰতত থকাৰ সুবিধা লাভ কৰে। বৰ্তমান ২০১৯ চনৰ নাগৰিকত্ব সংশোধনী আইন বিদেশী পত্নীৰ ক্ষেত্ৰত পোনপটীয়াকৈ প্ৰযোজ্য নহয় যদিও সামগ্ৰিক নাগৰিকত্বৰ নিয়ম কটকটীয়া কৰা হৈছে। নাগৰিকত্বৰ বাবে আবেদন কৰোতে সাম্প্ৰতিক চৰকাৰী নীতি-নিয়মবোৰ ভালদৰে পৰীক্ষা কৰাতো অপৰিহাৰ্য।
হিমন্তৰ কৌশলী ৰাজনীতি
হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈৰ মাজত চলি থকা বিতৰ্কৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীয়ে অভিযোগ উত্থাপন কৰি ৰাজনৈতিক বিৰোধীক লক্ষ্য কৰি লোৱাৰ কৌশল গ্ৰহণ কৰিছে বুলি মন্তব্য কৰিছে একাংশ বিশ্লেষকে। মুখ্যমন্ত্ৰী শৰ্মাই দাবী কৰিছে যে যদি গগৈৰ কাম-কাজত বিদেশী প্ৰভাৱৰ সম্ভাৱনা থাকে তেন্তে ইয়াৰ প্ৰভাৱ দেশৰ নিৰাপত্তা আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত পৰিব পাৰে।
কিন্তু যদি গৌৰৱ গগৈ বা তেওঁৰ পত্নীৰ বিদেশী সম্পৰ্ক আছেই, তেন্তে শাসনত থকা বিজেপি চৰকাৰে উপযুক্ত তথ্য প্ৰমাণ সহিতে আইনী বিহিত ব্যৱস্থা কিয় গ্ৰহণ কৰিব পৰা নাই সেই প্ৰশ্নও বিভিন্নজনে উত্থাপন কৰিছে। কেৱল সামাজিক মাধ্যমত অভিযোগৰ লহৰ তুলি মুখ্যমন্ত্ৰীয়ে কি লাভ অৰ্জন কৰিব বিচাৰিছে সেয়া বহুতৰে বাবে এক চৰ্চাৰ বিষয় হৈ পৰিছে।
অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ প্ৰতি সচেষ্ট সাংবাদিক তথা News Next Oneৰ কাৰ্যবাহী সম্পাদক ধ্ৰৱজ্যোতি ধনন্তৰিয়ে এই বাক-বিবাদ সন্দৰ্ভত কয়, “দুই-এদিনতে অসমত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব। তাৰ পিছতে ২০২৬ৰ বিধানসভা নিৰ্বাচনো আহি আছে। গৌৰৱ গগৈ পূৰ্বে কলিয়াবৰ সমষ্টিৰ সাংসদ আছিল। কিন্তু বিগত লোকসভা নিৰ্বাচনৰ পূৰ্বে সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে এই সমষ্টিতো নোহোৱা কৰা হ’ল। ইয়াৰ পিছত ভৱা হৈছিল যে গৌৰৱ গগৈ আৰু এতিয়া মুছলমানৰ ভোটেৰে জিকিব নোৱাৰিব। যোৰহাটৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি গৌৰৱ গগৈয়ে বিপুল ভোটত জয়লাভ কৰাটো হিমন্ত বিশ্ব শৰ্মাৰ বাবে অতি লজ্জাৰ কথা হৈ পৰিল। অসমৰ ৰাজনীতিত এতিয়া গৌৰৱ গগৈ মুখ্যমন্ত্ৰী শৰ্মাৰ প্ৰধান আৰু একমাত্ৰ প্ৰতিদ্বন্দ্বী বুলি ক’লেও হয়তো ভুল নহ’ব।”
সাংবাদিক ধনন্তৰিয়ে লগতে কয়, “আগন্তুক পঞ্চায়ত আৰু বিধানসভা নিৰ্বাচনৰ পূৰ্বে গৌৰৱ গগৈৰ ভাৱমূৰ্তি নষ্ট কৰিব পাৰিলেই কংগ্ৰেছক পঙ্গু কৰি তোলাত বিজেপি আধা সফল হ’ব। সেই কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভালদৰেই জানে। সেয়ে এতিয়া বিজেপি আৰু মুখ্যমন্ত্ৰীক এটা ইছ্যুৰ প্ৰয়োজন হৈছে, যিয়ে অসম কংগ্ৰেছৰ প্ৰভাৱশালী নেতাজনৰ প্ৰভাৱ হ্ৰাস কৰিব পাৰে। হয়তো গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কলবৰ্ণ এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই কৌশলী পাকচক্ৰত সোমায় পৰিছে।”
আইনী ব্যৱস্থা গ্ৰহণ কৰিব গৌৰৱ গগৈয়ে!
হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈৰ শত্ৰুতা নতুন নহয়। একালত পিতৃ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সোঁহাত হিচাপে পৰিচিত আছিল হিমন্ত বিশ্ব শৰ্মা। তৰুণ গগৈৰ পোন্ধৰ বছৰীয়া শাসনত কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব লাভ কৰিছিল তেওঁ। চৰকাৰৰ প্ৰায় সকলো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ অধিকাৰ আছিল হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজনৈতিক বিশ্লেষকসকলৰ মতে, কংগ্ৰেছত থকা সময়ত হিমন্ত বিশ্ব শৰ্মা আছিল তৰুণ গগৈ চৰকাৰৰ উঠি ৰজা বহি ৰজা।
কিন্তু সময় আৰু মন তেতিয়া সলনি হয়, যেতিয়া ৰাজনীতিত প্ৰৱেশ ঘটে বিদেশৰ পৰা উভতি অহা গৌৰৱ গগৈৰ। চৰ্চা অনুসৰি, তৰুণ গগৈয়ে পুত্ৰ গৌৰৱক ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে চাব বিচাৰিছিল, আনহাতে হিমন্ত বিশ্ব শৰ্মা আছিল সেই আসনৰ বাবেই অপেক্ষাৰত। এনে পৰিপ্ৰেক্ষিততে দুয়োৰে মাজত মনোমালিন্য বৃদ্ধি পাবলৈ আৰম্ভ কৰে আৰু এটা সময়ত তৰুণ গগৈৰ সৈতে তেওঁৰ থকা ঘনিষ্ঠ সম্পৰ্ক নোহোৱা হৈ পৰে।
অভিযোগ অনুসৰি, সেই সময়তে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে উত্থাপন হোৱা সাৰদা কেলেংকাৰীৰ পৰা নিষ্ঠাৰ পাবলৈ বিজেপিত যোগদান কৰে হিমন্তই। পৰিণামস্বৰূপে কংগ্ৰেছ হৈ পৰে তেওঁৰ চকুৰ কুটা দাঁতৰ হুল।
প্ৰায় চাৰি দশক ধৰি অসমত সাংবাদিকতা কৰি অহা জ্যেষ্ঠ সাংবাদিক বৈকুণ্ঠ নাথ গোস্বামীয়ে এই বিষয়ত কয়, "হিমন্তৰ গৌৰৱ গগৈৰ সৈতে পুৰণি প্ৰতিদ্বন্দ্বিতা আছে, কাৰণ ৰাজ্যৰ প্ৰাক্তন কংগ্ৰেছৰ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ তৃতীয় কাৰ্যকালত হিমন্তই (তেতিয়া কংগ্ৰেছত আছিল) আশা কৰিছিল যে ভৱিষ্যতে তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ সুযোগ পাব। কিন্তু তৰুণ গগৈয়ে তেওঁৰ পুত্ৰ গৌৰৱ গগৈয়ে নিজৰ পুত্ৰ গৌৰৱ গগৈক প্ৰাধান্য দিলে। বৰ্তমান গৌৰৱ অসমৰ এজন ডাঙৰ নেতা। সেয়েহে মুখ্যমন্ত্ৰীৰ বাবে ৰাজনৈতিক কেৰিয়ালৰ প্ৰত্যাহ্বান হৈ পৰিছে গৌৰৱ গগৈ।”
এনে পৰিপ্ৰেক্ষিততে এতিয়া গৌৰৱ গগৈক তুচ্ছজ্ঞান কৰাবলৈ সকলো চৰম সীমা অতিক্ৰম কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আনকি সামাজিক মাধ্যমত সাংসদ গৰাকীক আক্ৰমণ কৰিবলৈ গৈ পৰিয়ালৰ ইতিবৃত্তি পৰ্যন্ত ৰাজহুৱা কৰিবলৈ কুণ্ঠাবোধ কৰা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গৌৰৱ গগৈৰ পত্নী যে ভাৰতীয় নাগৰিক নহয়, সেয়া প্ৰমাণ কৰিবলৈ গৈ গগৈ পৰিয়ালৰ ভোটাৰ তালিকা পৰ্যন্ত ৰাজহুৱা কৰিছে হিমন্ত বিশ্ব শৰ্মাই।
এটা পোষ্টত মুখ্যমন্ত্ৰীয়ে গগৈ পৰিয়ালৰ ভোটাৰ তালিকা ৰাজহুৱা কৰি লিখিছে, “মাননীয় সাংসদগৰাকীৰ পত্নীয়ে ভাৰতীয় নাগৰিকত্ব লৈছে নে নাই বুলি সুধি থকাসকলৰ বাবে মোৰ সহজ উত্তৰ হ’ল- মই নাজানো। কিন্তু ইয়াৰ সৈতে সংলগ্ন কৰি দিয়া যোৰহাটৰ ভোটাৰ তালিকাৰ প্ৰামাণিক প্ৰতিলিপিত পৰিয়ালৰ প্ৰতিগৰাকী সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা দেখা গৈছে, কিন্তু তেওঁৰ পত্নীৰ নামটো ইয়াত নাই। এতিয়া সিদ্ধান্ত আপোনাৰ৷ নিজৰ সিদ্ধান্ত নিজে লোৱাটোৱেই উত্তম হ'ব বুলি বিবেচনা কৰিছো।”
মুখ্যমন্ত্ৰী আৰু বিজেপিয়ে এনেদৰে চৰম পৰ্যায়লৈ গৈ গগৈ পৰিয়ালক বদনামী কৰিব বিচৰাৰ পিছতে এতিয়া সৰৱ হৈছে সাংসদ গৌৰৱ গগৈও। সামাজিক মাধ্যমযোগেই তেওঁ দিছে আইনী ব্যৱস্থা গ্ৰহণৰ সকিয়নী। টুইট কৰি গৌৰৱ গগৈয়ে লিখিছে, “বিজেপিয়ে মোক আৰু মোৰ পৰিয়ালক বদনাম কৰিবলৈ চৰম পন্থা গ্ৰহণ কৰিছে। তেওঁলোকৰ অভিযোগ বিদ্বেষমূলক আৰু ভিত্তিহীন। মই উপযুক্ত আইনী ব্যৱস্থা গ্ৰহণ কৰিম।”